ভয়ংকৰ পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত প্ৰচণ্ড খুন্দা মাৰুতি ভানৰ, আহত চালক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত প্ৰচণ্ড খুন্দা মাৰুতি ভানৰ, আহত চালক

জাগুনৰ ৫ মাইলত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দৰ্ঘটনাগ্ৰস্ত মাৰুতি ভান খনৰ নম্বৰ As-06-K-1690।

জাগুণৰ পৰা মাৰ্ঘেৰিটা অভিমুখে গৈ থকা সময়ছোৱাতে সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, এই দুৰ্ঘটনাত গাড়ী খনৰ চালক কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাহনখনৰ বিস্তৰ ক্ষতি হয়।

ইতিমধ্যে চালক জনক জাগুনৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।