ৰহস্যজনক! পৰীক্ষা দিবলৈ গৈ সন্ধানহীন কলেজীয়া ছাত্ৰী জেছমিন, পৰিয়ালত হাহাকাৰ…

এক চাঞ্চল্যকৰ ঘটনা।

পৰীক্ষা দিবলৈ গৈ সন্ধানহীন এগৰাকী কলেজীয়া ছাত্ৰী।

ৰঙিয়াত সংঘটিত হৈছে কলেজীয়া ছাত্ৰী নিৰুদ্দেশৰ এই চাঞ্চল্যকৰ ঘটনা।

পৰীক্ষা দিবলৈ আহি ঘৰলৈ উভতি নগ’ল ৰঙিয়া মহাবিদ্যালয়ৰ স্নাতক মহলাৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী জেছমিন চুলতানা।

ঘটনাক লৈ চিন্তিত হৈ পৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালবৰ্গ।

ৰঙিয়াৰ ৩নং হচঙৰ জমিৰ আলীৰ ২০ বছৰীয়া কন্যা জেছমিন চুলতানাই সোমবাৰে ৰঙিয়া মহাবিদ্যালয়ত পৰীক্ষা দিবলৈ গৈছিল।

পিতৃয়ে ৰঙিয়া মহাবিদ্যলয়ত দিনৰ ১ বজত থৈ যোৱাৰ পিছত বৰ্তমানলৈকে ঘৰলৈ অহা নাই ছাত্ৰীগৰাকী।

ইপিনে পৰিয়ালৰ লোকে সোমবাৰে নিশাই ছাত্ৰগৰাকী নিখোজ হোৱাৰ সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

পৰিয়ালৰ লগতে আৰক্ষীয়েও ছাত্ৰীগৰাকীক বহু বিচাৰ-খোচাৰ কৰিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ছাত্ৰীগৰাকীৰ।

ছাত্ৰীগৰাকী ক’লৈ গ’ল এই বিষয়ে দুঃচিন্তাত ভুগিছে পৰিয়ালটোৱে।