আৰক্ষীৰ গুলীত আৰক্ষীৰ মৃত্যুৰ বতৰাই ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ।
মঙলবাৰে পুৱাই সোণাৰি সদৰ থানাত সংঘটিত হৈছিল এই ঘটনা।
মঙলবাৰে পুৱা সদৰ থানাৰ বেৰেকত সতীৰ্থ দীপক কাকতীৰ গুলিত নিহত হয় গকুল বসুমতাৰীৰ নামৰ জোৱানজন।
নিহত জোৱান গকুলৰ ঘৰ নগাঁৱৰ চামগুৰিৰ বৰদলত।

৩৭ বছৰীয়া আৰক্ষী কনিষ্টবল গকুল বসুমতাৰীৰ মৃত্যুক লৈ শোঁকৰ ছাঁ পৰিছে চামগুৰিত।
উল্লেখ্য যে, এমাহ পূৰ্বে ঘৰলৈ আহিছিল গকুল ৷ গকুলৰ পত্নী অন্তঃসত্বা বুলি জানিব পৰা গৈছে।
নৱম অসম আৰক্ষী বাহিনীৰ জোৱান গকুল বসুমতাৰীৰ মৃত্যুৰ পিছত চামগুৰি বৰদলৰ ৰাইজে সমগ্ৰ ঘটনা সহজ ভাবে লব পৰা নাই।
অমায়িক যুবক হিচাপে পৰিচিত গকুল বসুমতাৰীৰ মৃত্যুৰ ঘটনাৰ পিছত অসুস্থ হৈ পৰিছে অন্তঃসত্বা পত্নী।
ইপিনে গোকুল বসুমতাৰীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰক্ষীয়ে।









