ভয়ংকৰ নাওঁঁ দুৰ্ঘটনা! নৈৰ বুকুত সন্ধানহীন ২গৰাকী মহিলা…

এক ভয়ংকৰ নাওঁঁ দুৰ্ঘটনা।

বিশ্বনাথৰ মুখৰগড়ৰ ঘিলাধাৰী নদীত সংঘটিত হৈছে ভয়ংকৰ নাওঁ দুৰ্ঘটনা।

নদী পাৰ হওঁতে নৈৰ বুকুত ডুবিল এখন নাওঁ৷

দুৰ্ঘটনাটোৰ ফলত ৪ গৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰা হয় যদিও দুগৰাকী বৰ্তমানেও নিৰুদ্দেশ হৈ আছে৷

নিৰুদেশ হৈ থকা দুগৰাকীৰ নাম ক্ৰমে যতি চাহু(২৫) আৰু স্বৰগ মণি কেওঁত।

জানিব পৰা মতে মহিলা কেইগৰাকীয়ে পথাৰত ধান ৰুবলৈ গৈ আবেলি ঘূৰি অহাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।

উদ্ধাৰ কৰা ৪গৰাকী মহিলাক প্ৰতাপগড় চাহ বাগিছাৰ চিকিৎসালয় ভৰ্ত্তি কৰা হয়।

উদ্ধাৰ হোৱা মহিলা কেইগৰাকী হ’ল ক্ৰমে জোনাকী প্ৰজা,(২১) দূৰ্গাণি কেওঁট(১৮)নেহা খোদাল(২০) আৰু ৰিছমা কেওঁট(১৮)।