স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কূটাঘাত! আছাম ৰাইফলছৰ শিবিৰত আলফা(স্বাঃ)ৰ ভয়াৱহ আক্ৰমণ…

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ভয়ংকৰ কূটাঘাত।

সেনাৰ শিবিৰত আলফা(স্বাঃ) আৰু এন এছ চি এনৰ ভয়াৱহ আক্ৰম।

তিনিচুকীয়াৰ ভাৰত-ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ শিবিৰত ভয়াৱহ আক্ৰমণ সংঘটিত কৰিছে আলফা (স্বাধীন) আৰু এন এছ চি এনয়ে।

জানিব পৰা মতে আছাম ৰাইফলছে নতুনকৈ স্থাপন কৰা এটা শিবিৰত পুৱতি নিশা প্ৰায় ২.৩০ মান বজাত আলফা (স্বাধীন) আৰু এন এছ চি এন য়ে মৰ্টাৰেৰে আক্ৰমণ কৰে।

পুৱতি নিশা সংঘটিত কৰা এই আক্ৰমণৰ পিছতেই দুয়োপক্ষৰ মাজত গুলীয়াগুলী চলে। প্ৰায় ২ ঘণ্টা পৰ্যন্ত অব্যাহত থকা এই গুলীয়াগুলীত দুয়োটা পক্ষৰে ক্ষয় ক্ষতিৰ কোনো সবিশেষ তথ্য এই পৰ্যন্ত লাভ কৰা নাই।

পুৱা ৫ বজলৈকে সংঘটিত হয় এই গুলীয়াগুলি। এটা নহয় তিনিটা কৈ সেনা শিবিৰত আক্ৰমণ কৰে উগ্ৰপন্থীয়ে।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সংঘটিত হোৱা এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

এই ভয়ংকৰ এম্বুশ্বত কেইবাজনো সেনা হতাহত হোৱাৰ আশংকা কৰা গৈছে।

উল্লেখ্য যে, আলফা (স্বাধীন)এ এইবাৰ স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ সকলোকে আহ্বান কৰিছিল। তাৰ পিছতে আলফাই এই ভয়ংকৰ এম্বুশ্বেৰে আক্ৰমণ কৰে।