ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ জব্দ কৰা গাড়ী ৯০ দিনৰ পিছত কৰিব পাৰিব নিলাম…

জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

কেবিনেট বৈঠকৰ পিছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সমূহ সদৰি কৰে।

মটৰ ভেহিকেল আইনকে ধৰি আন কেইবাটাও দিশত লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

সিদ্ধান্ত সমূহ হৈছে–

অসম মটৰ ভেহিকল ২০০৩ৰ সংশোধন কৰা হৈছে। এই সংশোধনীৰ অধীনত যিবোৰ গাড়ী জব্দ কৰা হ’ব সেই গাড়ী ৯০ দিনৰ পিছত নিলাম কৰিব পাৰিব।

ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ আইনৰো সংশোধন কৰা হৈছে। পাটোৱাৰী আৰু মণ্ডল,আমিনসকলেও ৩% ইনক্ৰিমেন্ট পাব।

আসাম লজিষ্টিক ২০২২ গ্ৰহণ কৰিছে অসম চৰকাৰে, পলিচিৰ অধীনত যিকোনো কাম কৰিবৰ বাবে সুচাৰুৰূপে কাম কৰিব পাৰিব।

পঞ্চায়ত আৰু এচিষ্টেন্ট বিডিঅ’সকলে ১৩ বছৰত প্ৰমোচন পাব৷ পূৰ্বতে এয়া ১৫ বছৰ আছিল।

গ্ৰামাঞ্চলত আৰু বাৰ নাথাকে, কেৱল ৱাইন শ্বপ থাকিব৷ বাৰবোৰক ৱাইন শ্ব’পলৈ পৰিৱৰ্তন কৰা হ’ব। লগতে গ্রামাঞ্চলত সুৰাৰ বিপণীৰ অন লাইচেঞ্চক অফ লাইচেঞ্চ কৰিব পাৰিব। ৪৫ দিনৰ ভিতৰত কৰিব পাৰিব এই কাম।

২০ আগষ্টত বানত ঘৰ বিনষ্ট হোৱাসকলক ক্ষতিপূৰণ দিয়া হ’ব৷ সম্পূৰ্ণৰূপে ভাঙি যোৱা ঘৰ আছিল ৫,৫৩২টা, পাহাৰ এলেকা আৰু ভৈয়াম এলেকাৰ ক্ষতিগ্ৰস্তই পাব টকা।

১২৩ কোটি টকা বানত ঘৰ ক্ষতি হোৱাসকলক প্ৰদান কৰা হ’ব। সকলোৰে একাউণ্টত সোমাব ধন।

পেঞ্চনাৰ সকলৰ বাবে আইনৰ কিছু সংশোধন কৰা হৈছে।

মণিপুৰত মৃত্যু আৰু নিখোজ হোৱা ২০জনৰ পৰিয়ালয়লৈ ২ লাখ টকা দিয়া হ’ব।

আহত ৫জনক ২৫হাজাৰকৈ দিয়া হ’ব।