ভয়ংকৰ! আকাশ মাৰ্গত সংঘৰ্ষত লিপ্ত হৈ ভূপতিত ভাৰতীয় বায়ু সেনাৰ দুখন বিমান, শ্বহীদ এগৰাকী পাইলট…

নিউজ ডেস্কঃ প্ৰশিক্ষণৰ সময়তে আকাশমাৰ্গত ভাৰতীয় বায়ু সেনাৰ দুখন বিমানৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত শ্বহীদ হয় এগৰাকী পাইলট।

শনিবাৰে এই দুৰ্ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশৰ মৰেনাৰ সমীপত।

আৰক্ষী অধীক্ষক আশুতোষ বাগৰীয়ে জানিবলৈ দিয়া মতে, ভাৰতীয় বায়ু সেনাৰ এখন সুখোই-৩০ আৰু মিৰাজ ২০০০ বিমানৰ নিয়মীয়া প্ৰশিক্ষণৰ সময়ত আকাশমাৰ্গত সংঘৰ্ষ ঘটে।

এই সংঘৰ্ষৰ পিছত জুইৰ সূত্ৰপাত ঘটা বিমান দুখন ভূপতিত হোৱাত এগৰাকী সেনা পাইলট শ্বহীদ হয়।

ইফালে সুখোই-৩০ বিমানখনৰ পাইলট দুগৰাকীয়ে সময় থাকোতেই পেৰাচ্যুট খুলিবলৈ সক্ষম হোৱাত আঘাতপ্ৰাপ্ত হয় যদিও জীৱন ৰক্ষা পৰে।

অন্যহাতে এই ভয়ংকৰ বিমান দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় এশ কিলোমিটাৰ নিলগত ৰাজস্থানৰ ভৰতপুৰত শনিবাৰে সংঘটিত হয় আন এক বিমান দুৰ্ঘটনা।

ভৰতপুৰৰ উচচাইন অঞ্চলৰ মুকলি পথাৰত ভূপতিত হয় বিমানখন।

দুৰ্ঘটনাটোৰ ফলত বিমানখনৰ দুগৰাকী পাইলট গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

অৱশ্যে এই দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

লগতে বিমানখন অসামৰিক আছিল নে সামৰিক বিমান আছিল সেয়াও এতিয়ালৈকে জানিব পৰা হোৱা নাই।