আন্তঃৰাষ্ট্ৰীয়অসমীয়া

হিমপাতৰ মাজতে ঘন কুঁৱলীৰ বাবে ৬০ খন বাহনৰ মাজত সংঘৰ্ষ, কমেও ৩ জনৰ মৃত্যু

নিউজ ডেস্ক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়া ষ্টেটৰ এটা আন্তঃৰাজ্যিক ঘাইপথত কেইবাখনো বাহনৰ মাজত সংঘটিত সংঘৰ্ষত কমেও তিনিজন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় বহু কেইজন লোক।

জানিব পৰা মতে, সোমবাৰে ঘাইপথত সৃষ্টি হোৱা বৰফৰ কুঁৱলীৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই কেইবাখনো বাহনৰ মাজত সংঘৰ্ষ ঘটে।

G3 29

বাতৰি অনুসৰি, বৰফৰ কুৱলীৰ ফলত অদৃশ্য হৈ পৰা পাহাৰীয়া পথটোত ৫০-৬০ খন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ইখনে আনখনত খুন্দা মাৰে। যাৰ ফলত কেইবাখনো বাহনত জুইৰ সূত্ৰপাত হয়।

P2 17

সোমবাৰে পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত এই দুৰ্ঘটনাত কমেও ৩ জন লোক নিহত হোৱাৰ লগতে আন বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।

উল্লেখ্য যে, চুইলকিল কাউণ্টিত এমাহৰ ভিতৰত এইটো দ্বিতীয়টো ভয়ংকৰ দুৰ্ঘটনা।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই বতৰ বিজ্ঞান বিভাগে অঞ্চলটোত তুষাৰ পাতৰ সতৰ্কবাণী জাৰি কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *