অসম

গাড়ীগাঁও ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ এনকাউন্টাৰৰ তদন্তৰ ঘোষণা…

গাড়ীগাঁও ধৰ্ষণ কাণ্ডৰ মাষ্টাৰমাইণ্ড বিকি আলীৰ এনকাউন্টাৰৰ তদন্তৰ ঘোষণা।

কামৰূপ মেট্ৰ’ৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসক দিয়া হৈছে তদন্তৰ দায়িত্ব।

১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন অসম মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত দাখিল কৰিব লাগিব।

263 1

উল্লেখ্য যে, কিছুদিন পূৰ্বে পাঁচজন পাষণ্ডই মিলি এখন হোটেললৈ লৈ গৈ এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক ধৰ্ষণ কৰা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছিল প্ৰতিক্ৰিয়াৰ।

এই ঘটনাৰ পিছতে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে পাণবজাৰ মহিলা থানাত 19/22 US 376(D) IPC , RW SEC. 6 POSCO ACT, RW 67 (B) IT ACT-ৰ অধীনত পাষণ্ড কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

বিকি আলীৰ উপৰি ধৰ্ষণত জড়িত থকা বাকী কেইজন পাষণ্ড হ’ল ফইজুল আলী, পিংকু আলী, পোনা আলী আৰু ৰাজা আলী।

ইয়াৰ পিছতে ১৫ মাৰ্চত কামৰূপৰ দামপুৰৰ পাহাৰত আত্মসমৰ্পণ কৰিছিল বিকিয়ে।

গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ আনি থাকোতেই বিকি আলীয়ে পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীৰ গুলীত নিহত হৈছিল বিকি আলী।

লগতে চাওকঃ

কাণৰ হেডফোনেই কাল হ’ল মেঘনাৰ বাবে, ৰে’লৰ খুন্দাত হেৰুৱালে প্ৰাণ

G3 31

Leave a Reply

Your email address will not be published. Required fields are marked *