অসমঅসমীয়া

বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰী আৰু নাই

নিউজ ডেস্ক। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে স্থাপন কৰা বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ মৃত্যু।

হৃদৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰগৰাকীয়ে।

2 4

মৃত্যুৰ সময়ত বুঢ়া সত্ৰাধিকাৰ বাপজনাৰ বয়স হৈছিল প্ৰায় ৭২ বছৰ ৷

জানিব পৰা মতে, ২০০০ চনত ডেকা সত্ৰাধিকাৰ পদত অধিস্থিত হৈছিল জগন্নাথ অধিকাৰী।

২০১৬ চনত তেওঁ অধিষ্ঠিত হৈছিল বুঢ়া সত্ৰাধিকাৰ পদত।

কিছুদিন পূৰ্বে কৰ্কট ৰোগত আক্ৰান্ত হৈছিল সত্ৰাধিকাৰ জগন্নাথ অধিকাৰী।

3 1

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তি বিশ্ব শৰ্মাই টুইট কৰি কয়, ‘মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ শ্ৰদ্ধাৰ জগন্নাথ অধিকাৰীদেৱৰ দেহাৱসানৰ বাতৰিয়ে মৰ্মাহত কৰিলে। মহাপুৰুষীয়া পৰম্পৰাৰ অন্যতম দিগদৰ্শক সত্ৰাধিকাৰগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।’।

সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত এতিয়া অঞ্চজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

বিভিন্ন ব্যক্তি তথা দল-সংগঠনে তেওঁৰ অসাময়িক মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *