অসমঅসমীয়া

আৰক্ষীৰ জালত পৰিল ৩ বাইক চোৰ, উদ্ধাৰ ৪ খন বাইক

নিউজ ডেস্ক। বাইক চােৰ চক্ৰৰ বিৰুদ্ধে বৃহৎ সাফল্য কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষীৰ।

ৰঙিয়া আৰক্ষীৰ গ্ৰেপ্তাৰ হ’ল ৩ বাইক চােৰ। লগতে জব্দ হ’ল চাৰিখন চুৰি বাইক।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাে চােৰ কেইটাৰ নাম হ’ল- ৰেকিবুল আলী (২১), তবিকুল আলী (২২) আৰু ডিম্পু আহমেদ (১৮)।

vlcsnap 2022 03 05 13h12m05s162

ইয়াৰে ৰেকিবুল আৰু তবিকুল আলীৰ ঘৰ বৰলেচাকোণা গাঁৱত।

আনহাতে, ডিম্পু আহমেদৰ ঘৰ কমলপুৰ থানাৰ অন্তৰ্গত কছৰুৱা গাঁৱত বুলি জানিব পৰা গৈছে।

g4 3

আৰক্ষীয়ে প্ৰথম চুৰি বাইকসহ ডিম্পুক আটক কৰাৰ পিচত ডিম্পুৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰলেচাকোণা গাঁৱত এজন লোকৰ ঘৰত লুকুৱাই থোৱা অৱস্থাত তিনিখন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চুৰি মটৰ চাইকেলকেইখনৰ গৰাকী গুৱাহাটীৰ বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

মাজুলীৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে হেৰাল মুখ্যমন্ত্ৰীৰ ফোন!

G3 8

Leave a Reply

Your email address will not be published. Required fields are marked *