অসমঅসমীয়া

ট্রাক-অট’ৰিক্সাৰ মুখামুখি সংঘৰ্ষত স্বামী-স্ত্ৰীসহ ৩ জনৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ জনকৈ লােকৰ।

ইয়াৰে দুজন স্বামী-স্ত্ৰী বুলি জানিব পৰা গৈছে।

এই দুৰ্ঘটনা শুকুৰবাৰে সন্ধিয়া ধেমাজি জিলাৰ চিমেন চাপৰি থানাৰ জামজিঙত সংঘটিত হয়।

p5 2

জানিব পৰা মতে, এ এছ-২২ চি-৮৫৩২ নম্বৰৰ জোনাই অভিমুখী এখন ট্রাকৰ সৈতে এ আৰ-੦১ ডি-৮২৫৫ নম্বৰৰ এখন অট’ৰিক্সা মুখামুখি সংঘৰ্ষৰ ফলত অট’ৰিক্সাৰ আৰোহী অৰ্চনা পেগু (৪০) আৰু মিনতি পেগু (৪৫)ৰ থিতাতে মৃত্যু হয়।

মহিলা দুগৰাকী ডেকাপামৰ ডেকামিচিং কোম্পানী কৰ্মচাৰী আছিল।

ইপিনে, অট’ৰিক্সাৰ আনজন লোক তথা মৃত মিনতি পেগুৰ স্বামী দিলীপ পেগুক সংকটজনক অৱস্থাত ডেকাপাম ক্ষুদ্র প্রাথমিক চিকিৎসালয়লৈ নিয়া হয়।

vlcsnap 2022 03 05 09h18m29s457

কিন্তু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ কিছু সময় পিছতে তেওঁৰ মৃত্যু ঘটে।

উত্তেজিত ৰাইজে দুর্ঘটনা সংঘটিত কৰা ট্রাকখন ৰাজপথতে জ্বলাই দিয়াৰ পিচত অগ্নিনির্বাপক বাহিনীৰ জোৱান আহি ট্রাকখনৰ অৱশিষ্ট অংশৰ জুই নুমুৱাবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *