ব্ৰিটিছ ভূমিত ত্ৰিৰংগা উৰুৱালে ভাৰতৰ মল্লযোদ্ধাই।
বাহুবলী বজৰং পুনিয়া, সাক্ষী মালিক আৰু দীপক পুনিয়াই ভাৰতলৈ আঁজুৰি আনিবলৈ সক্ষম হ’ল সোণৰ পদক।
পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত ভাৰতীয় মল্লযোদ্ধা বজৰং পুনিয়াই কানাডাৰ মেকনিল লাচলনক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে।
কানাডাৰ মেকনিল লাচলনক ৯-২ গ’লত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে পুনিয়াই।
কমনৱেলথ গেমছ ২০২২ত এইটো ভাৰতৰ সপ্তম স্বৰ্ণ পদক।
উল্লেখ্য যে, বজৰং পুনিয়াই ইয়াৰ পূৰ্বে ২০১৮ চনৰ কমনৱেলথ গেমছতো সোণৰ পদক জয় কৰিছিল।

৫ আগষ্টত ভাৰতে ৬টা পদক দখল কৰিবলৈ সক্ষম হয়। ভাৰতীয় মল্লযোদ্ধাই তিনিটা স্বৰ্ণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক দখল কৰে।
প্ৰথমে অংশু মালিকে অ’মেনছ ৫৭ কিলোগ্ৰাম শাখাত ৰূপৰ পদক দখল কৰে।
পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত বজৰংগ পুনিয়াই লাভ কৰে স্বৰ্ণ পদক।
আনহাতে, সাক্ষী মালিকে অ’মেনছ ৬২ কিলোগ্ৰাম শাখাৰ ফাইনেলত কানাডাৰ এনা গোডিনেজ গোঞ্জালেজক বাই ফলৰ জৰিয়তে ৪–৪ত পৰাস্ত কৰি স্বৰ্ণ দখল কৰে।

ইয়াৰ পিছতে দীপক পুনিয়াই ৮৬ কিলোগ্ৰাম কেটেগৰীত পাকিস্তানী খেলুৱৈ মহম্মদ ইনামক ৩–০ত পৰাস্ত কৰি দিনটোৰ তৃতীয়টো স্বৰ্ণপদক দখল কৰে।
ইফালে, দিব্যা কাকৰানে অ’মেনছ ফ্ৰীষ্টাইলৰ ৬৮ কিলোগ্ৰাম কেটেগৰীত ব্ৰঞ্জৰ পদক দখল কৰে আৰু মোহিত গ্ৰেৱালেও জামাইকাৰ এৰন জনছনক বাই ফলৰ জৰিয়তে ০–৬ত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।









