আশাভংগ! কমনৱেলথ গেমছত মহিলাৰ ২০০ মিটাৰৰ ছেমি-ফাইনেলৰ পৰা বিদায় ল’লে হিমাই…

কমনৱেলথ গেমছৰ ফাইনেলত প্রৱেশত ব্যৰ্থ হিমা দাস।

মহিলাৰ ২০০ মিটাৰৰ ছেমি-ফাইনেলৰ পৰা বিদায় ল’লে ধিং এক্সপ্ৰেছ হিমা দাসে।

দ্বিতীয় ছেমি ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈয়ো ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমাই।

মাত্ৰ ১ ছেকেণ্ডৰ ব্যৱধানৰ বাবে ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে ধিং এক্সপ্ৰেছে হিমাই।

২৩. ৪২ ছেকেণ্ড সময় লৈ তৃতীয়ত থাকে হিমা। অষ্ট্ৰেলিয়াৰ খেলুৱৈ এলাই ২৩.৪১ ছেকেণ্ড সময় লৈ দ্বিতীয় স্থানেৰে ফাইনেলত প্ৰৱেশ কৰাত মাত্ৰ পইণ্ট ১ৰ ব্যৱধানৰ বাবে সপোন নিৰ্বাপিত হয় অসম কন্যা হিমাৰ।

আজি পুনৰ ৪x১০০ ৰীলেত অংশগ্ৰহণ কৰিব হিমাই।