ব্ৰহ্মপুত্ৰৰ বুকু ভেদি নিৰ্মাণ কৰা হ’ব ৩টাকৈ সুৰংগ, আঢ়ৈ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব কাম

নিউজ ডেস্কঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু ভেদি সুৰংগ নিৰ্মাণৰ কুচকাৱাজ আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰৰ মাজত যোগাযোগ ব্যৱস্থা সুগম কৰাৰ উপৰি সামৰিক দৃষ্টিকোণেৰে ব্ৰহ্মপুত্ৰৰ তলেদি তিনিটাকৈ সমান্তৰাল সুৰংগ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

জানিব পৰা মতে, লুইতৰ বুকুৰে নিৰ্মাণ কৰিবলগীয়া তিনিটা সুৰংগৰ এটাৰে গাড়ী, আন এটাৰে ৰে’ল আৰু আনটো সুৰংগ কেৱল আপাতকালীন পৰিস্থিতিত ব্যৱহাৰ কৰা হ’ব। কলিয়াভোমৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰৰ উজনিফালত ৯ কিলোমিটাৰ দূৰত্বত নিৰ্মাণ কৰিবলগীয়া ৯.৮ কিলোমিটাৰ দীঘল এই সুৰংগই দক্ষিণ পাৰত থকা জখলাবন্ধা ৰে’লৱে ষ্টেচনৰ পৰা উত্তৰ পাৰৰ ধলাইবিল ৰে’ল ষ্টেচনক সংযোগ কৰিব।

photo1652852232
ব্ৰহ্মপুত্ৰৰ বুকু ভেদি নিৰ্মাণ কৰা হ’ব ৩টাকৈ সুৰংগ, আঢ়ৈ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব কাম 4

উল্লেখ্য যে, সুৰংগ নিৰ্মাণৰ এই ব্যয়বহুল প্ৰকল্পটোৰ সৈতে সামৰি লোৱা হৈছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰে’ল মন্ত্ৰালয়ৰ লগতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ক। সমগ্ৰ বিষয়টোক লৈ অলপতে নতুন দিল্লীত ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ তথা চি ই অ’ বিনয় কুমাৰ ত্ৰিপাঠীৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়।

পূৰ্বে এই সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱ অনাৰ সময়ত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ অধীনস্থ নেচনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্প’ৰেচন (এনএইচআইডিচিএল)ক প্রকল্প প্রতিবেদন প্রস্তুত কৰাৰ দায়িত্ব অর্পণ কৰা হৈছিল। সেইমর্মে এনএইচ ডিচিএলে দুটা সুৰংগ নিৰ্মাণৰ বাবে ব্যয় ধাৰ্য কৰিছিল ১২,৮০০ কোটি টকা।

photo1652852249
ব্ৰহ্মপুত্ৰৰ বুকু ভেদি নিৰ্মাণ কৰা হ’ব ৩টাকৈ সুৰংগ, আঢ়ৈ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব কাম 5

কিন্তু পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় সীমান্তত পথ নির্মাণকাৰী সংস্থা ব’ৰ্ডাৰ ৰোড অর্গেনাইজেশ্যনক পুনৰ আন এক প্রকল্প প্রতিবেদন প্রস্তুত কৰিবলৈ দিয়া হয়। অলপতে ৰে’ল ব’ৰ্ডৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত বি আৰ অ’ই দাখিল কৰা প্ৰাৰম্ভিক প্রকল্প প্রতিবেদনত দুটাৰ পৰিৱৰ্তে তিনিটা সুৰংগ নিৰ্মাণৰ পোষকতা কৰা হৈছে।

ইফালে এই প্ৰকল্পটো ৰূপায়ণৰ বাবে পূৰ্বতে নিৰ্ধাৰণ কৰা ১২,৮০০ কোটি টকাৰ পৰিৱৰ্তে মাত্র ৭,০০০ কোটি টকাৰ ভিতৰত সুৰংগ নিৰ্মাণৰ কাম সম্ভৱ বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে।

আনহাতে সামৰিক দৃষ্টিকোণৰ পৰা এই সুৰংগৰ গুৰুত্ব অপৰিসীম হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰকল্পটোৰ পুঁজি আবণ্টনৰ দায়িত্ব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ক অৰ্পণ কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। পিছে বৈঠকত গৃহীত সিদ্ধান্ত অনুসৰি ৰূপায়ণকাৰী সংস্থা হিচাপে বি আৰ অ’ৰ সৈতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰে’ল বিভাগক প্ৰত্যক্ষভাৱে জড়িত কৰা হ’ব।

New 8-lane Massey Tunnel between Richmond and Delta - Richmond News
ব্ৰহ্মপুত্ৰৰ বুকু ভেদি নিৰ্মাণ কৰা হ’ব ৩টাকৈ সুৰংগ, আঢ়ৈ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব কাম 6

এইক্ষেত্ৰত কাৰিকৰি সহায়-সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত উত্তৰ-পূব ৰে’লৱেই বিশেষ ভূমিকা গ্ৰহণ কৰিব। লক্ষণীয়ভাৱে মহাবাহুৰ তলেদি সমান্তৰালকৈ নিৰ্মাণ কৰিবলগীয়া তিনিটা সুৰংগই এটা নিৰ্দিষ্ট দূৰত্বৰ অন্তৰালত এটা আনটোৰ সৈতে সংযুক্ত হৈ থাকিব। উদ্ভৱ হ’ব পৰা আপাতকালীন পৰিস্থিতিত উদ্ধাৰকাৰ্যৰ বাবে এই ব্যৱস্থা ৰখা হ’ব।

বাতৰি অনুসৰি লুইতৰ বুকুত নিৰ্মাণ কৰিবলগীয়া এই সুৰংগই যাতায়াতৰ বাবে ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰৰ মাজত থকা দূৰত্ব হ্রাস কৰাৰ উপৰিও অৰুণাচল প্ৰদেশলৈ যাতায়তৰ সময় যথেষ্ট হ্ৰাস কৰিব। ইয়াৰোপৰি অনাকংক্ষিত পৰিস্থিতিত আগ্রাসী চীনক প্রতিহত কৰাৰ ক্ষেত্ৰতো এই সুৰংগৰ ভূমিকা হ’ব অপৰিসীম।

বি আৰ অ’ৰ প্ৰাৰম্ভিক প্রতিবেদন অনুসৰি সুৰংগৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ সৰ্বাধিক আঢ়ৈ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব।টানেল ব’ৰিং মেচিনৰ জৰিয়তে এই সুৰংগৰ নিৰ্মাণ কৰা হ’ব।

Leave a Comment