অসম

জীৱন্ত গঁড়ৰ খড়্গ কাটি নিয়া ঘটনাৰ খবৰ দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা আৰক্ষীৰ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত জীৱন্ত গঁড়ৰ খড়্গ কাটি নিয়া ঘটনাক লৈ অব্যাহত আছে আৰক্ষীৰ অভিযান।

এই নৃশংস ঘটনাৰ লগত জড়িত লোকৰ পৰিচয় আৰু আনুষংগিক তথ্য যোগান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে দৰং আৰক্ষীয়ে।

তথ্য যোগান ধৰা ব্যক্তি বা সংগঠনলৈ নগদ দুই লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব বুলি দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে জানিবলৈ দিয়ে।

ইচ্ছুক ব্যক্তি বা সংগঠনে আৰক্ষী অধীক্ষকগৰাকীৰ ৯৪৩৫৭ ৪৬০৭৫ ফোনত তথ্য প্ৰেৰণ কৰিব পাৰবি।

খবৰ দিওঁতা ব্যক্তি বা সংগঠনৰ পৰিচয় সম্পূর্ণ গোপনে ৰখা হ’ব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, কিছুদিন পূর্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত চোৰাং চিকাৰীৰ দলে চেতনানাশক দ্রব্য ব্যৱহাৰ কৰি এটা জীৱন্ত গঁড়ৰ খৰ্গ কাটি লৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

বৰ্তমানেও গঁড়টোৰ চিকিৎসা অব্যাহত ৰাখিছে বন বিভাগৰ লোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *