বোকাত পদুম ফুলে…! অতি দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ বিশ্বৰ অন্যতম শিক্ষানুষ্ঠানত অধ্যয়নৰ সুযোগ লাভ প্ৰেমৰ

নিউজ ডেস্কঃ নিজৰ প্ৰবল ইচ্ছাশক্তি আৰু অধ্যাৱসায়ৰ বলত আজি নিজৰ লক্ষ্যৰ সন্ধানলাভ কৰিছে প্ৰেম কুমাৰ নামৰ এগৰাকী মেধাৱী ছাত্ৰই। বিহাৰৰ নিৱাসী এই ১৭ বছৰীয়া ছাত্ৰজনৰ জীৱন পাৰ হৈছে সম্পূৰ্ণ দৰিদ্ৰতাৰ মাজত। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃয়ে কেতিয়াবা এমুঠি অন্নৰো যোগান ধৰাত ব্যৰ্থ হৈছিল।

বিহাৰৰ ফুলৱাৰ শ্বৰীফৰ এখন সৰু গাঁও গোনপুৰাৰ প্ৰেম কুমাৰে কিন্তু জীৱন যুদ্ধৰ মাজতো পাহৰি যোৱা নাছিল নিজৰ লক্ষ্যৰ বাবে। যাৰ বাবে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ প্ৰেমে শেহতীয়াকৈ লাভ কৰিছে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান পেনচিলভেনিয়াৰ লাফায়েক কলেজত অধ্যয়ন কৰাৰ সুযোগ।

image 97
বোকাত পদুম ফুলে…! অতি দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ বিশ্বৰ অন্যতম শিক্ষানুষ্ঠানত অধ্যয়নৰ সুযোগ লাভ প্ৰেমৰ 3

জানিব পৰা মতে, প্ৰেম কুমাৰ নামৰ মেধাৱী ছাত্ৰজনে ২.৫ কোটি টকাৰ বিখ্যাত ‘ডায়েৰ ফেল’শ্বিপ’ লাভ কৰিছে। এই বৃত্তি লাভ কৰা সমগ্ৰ বিশ্বৰ ৬ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ভাৰতৰ প্ৰেম কুমাৰো এজন। প্ৰেমে পেনচিলভেনিয়াৰ লাফায়েট কলেজত মেকানিকেল ইঞ্জিনিয়াৰিং আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মতে, সমগ্ৰ বিশ্বৰ পৰা নিৰ্বাচিত হোৱা শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত ভাৰতৰ প্ৰেম কুমাৰ অন্যতম। তেওঁৰ যোগ্যতাক স্বীকৃতি দিয়া হৈছে। কিছুদিন পূৰ্বে লাফায়েট কলেজৰ হৈ প্ৰেমলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল। তাত কলেজখনৰ অধ্যক্ষ মেথিউ এ হাইডে লিখিছিল, “আপোনাক অভিনন্দন, আৰু আমি আপোনাৰ অভাৱগ্ৰস্ত সমাজৰ সেৱাৰ প্ৰতিশ্ৰুতি আৰু সংকল্পক স্বীকাৰ কৰিবলৈ অনুপ্ৰাণিত হৈছো।”

image 98
বোকাত পদুম ফুলে…! অতি দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ বিশ্বৰ অন্যতম শিক্ষানুষ্ঠানত অধ্যয়নৰ সুযোগ লাভ প্ৰেমৰ 4

উল্লেখযোগ্য যে দক্ষিণ এছিয়াৰ অন্যতম শিক্ষানুষ্ঠান ডেক্সটেৰিটি গ্ল’বেলে ১৪ বছৰ বয়সতে প্ৰেমক এজন মেধাৱী ছাত্ৰ হিচাপে চিহ্নিত কৰিছিল। পঢ়াত প্ৰেমক বহু দিশত সহায় কৰে প্ৰতিষ্ঠানটোৱে। যাৰ বাবে পৰিয়ালৰ আৰ্থিক দুৰাৱস্থাৰ মাজতো শিক্ষা সামৰিবলগীয়া হোৱা নাছিল প্ৰেমে।

প্ৰেমে কয়, “মোৰ মা-দেউতা কেতিয়াও স্কুললৈ যোৱা নাছিল। কিন্তু মোৰ ভাগ্য অবিশ্বাস্য। বিহাৰৰ মহাদলিত শিশুসকলৰ বাবে কাম কৰা ডেক্সটেৰিটি গ্ল’বেলৰ প্ৰতি মই কৃতজ্ঞ। তেওঁলোকৰ বাবে মোৰ সপোন সফল হৈছে। মই বৰ সুখী।”