আদালতৰ অৱমাননা! পলাতক ব্যৱসায়ী বিজয় মালিয়াক ৪ মাহৰ কাৰাদণ্ড উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ ৯০০০ হাজাৰ কোটি টকাৰ ঋণ লৈ দেশৰ পৰা পলায়ন কৰা বিজয় মালিয়াক আদালতৰ অৱমাননা কৰাৰ অভিযোগত ৪ মাহৰ কাৰাদণ্ড বিহিলে উচ্চতম ন্যায়ালয়ে। সোমবাৰে সৰ্বোচ্ছ ন্যায়ালয়ে এই ৰায় ঘোষণা কৰি ২০০০ টকাৰ জৰিমণাও বিহে পলাতক মালিয়াক।

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে, “পৰ্যাপ্ত শাস্তিৰ প্ৰয়োজন। মালিয়াই কোনো অনুশোচনা প্ৰদৰ্শন কৰা নাই।” আদালতৰ নিৰ্দেশ উলংঘা কৰি মালিয়াৰ পৰিয়ালৰ সদস্যসকলক হস্তান্তৰ কৰা ৪ কোটি মাৰ্কিন ডলাৰ ঘূৰাই দিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত আছিল ন্যায়াধীশ ইউ ইউ ললিত, এছ ৰবীন্দ্ৰ ভাট আৰু পি এছ নৰসিংহ। আদালতে এই গোচৰত ১০ মাৰ্চত নিজৰ ৰায় সংৰক্ষণ কৰি ৰাখিছিল।

জ্যেষ্ঠ অধিবক্তা জয়দীপ গুপ্তাৰ বিভিন্ন দিশত শুনানি গ্ৰহণ কৰাৰ পাছত উচ্চতম ন্যায়ালয়েও অধিবক্তাগৰাকীক অনুমতি দিয়াৰ সিদ্ধান্ত লয়।

উচ্চতম ন্যায়ালয়ে মালিয়াক ব্যক্তিগতভাৱে বা এজন অধিবক্তাৰ জৰিয়তে হাজিৰ হ’বলৈ কেইবাটাও সুযোগ দিয়া বুলি কোৱাৰ লগতে বিগত বৰ্ষৰ ৩০ নৱেম্বৰত বিশেষ নিৰ্দেশ জাৰি কৰিছিল। ভাৰতীয় ষ্টেট বেংকৰ নেতৃত্বত বেংকৰ এটা কনচৰ্টিয়ামে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল। ৯ হাজাৰ কোটিতকৈ অধিক ঋণ পৰিশোধৰ ক্ষেত্ৰত মালিয়াই আদালতৰ নিৰ্দেশ অমান্য কৰাৰ অভিযোগ উত্থাপন হৈছিল।

লগতে তেওঁ সম্পত্তিৰ কথা প্ৰকাশ নকৰাৰ অভিযোগ উত্থাপন হৈছিল। ২০১৭ চনত অৱজ্ঞাৰ গোচৰত দোষী সাব্যস্ত হৈছিল মালিয়া। ২০২০ চনত শীৰ্ষ আদালতে ২০১৭ চনৰ ৰায়ৰ পুনৰীক্ষণ বিচাৰি মালিয়াৰ আবেদন খাৰিজ কৰে। এই ক্ষেত্ৰত তেওঁক আদালতৰ নিৰ্দেশ উলংঘা কৰি নিজৰ সন্তানলৈ ৪ কোটি মাৰ্কিন ডলাৰ হস্তান্তৰ কৰাৰ বাবে অৱমাননাৰ দোষী সাব্যস্ত কৰা হয়।