বৈদ্যুতিক বাহন পাৰ্কিঙত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ভস্মীভূত হ’ল শতাধিক বাহন

নিউজ ডেস্ক। দিল্লীৰ জামিয়া নগৰ বৈদ্যুতিক বাহন পাৰ্কিং ষ্টেচনত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

এই প্ৰচণ্ড অগ্নিকাণ্ডৰ ঘটনাত শতাধিক বাহন জ্বলি ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

কৰ্তৃপক্ষৰ ফালৰ পৰা এতিয়াও এই অগ্নিকাণ্ডটোৰ কাৰণ সম্পৰ্কে একো জনোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।

FUtHFEjagAUqF42
বৈদ্যুতিক বাহন পাৰ্কিঙত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ভস্মীভূত হ’ল শতাধিক বাহন 2

জানিব পৰা মতে, দুৰ্ঘটনাটোত ৰখাই থোৱা প্ৰায় ১੦੦ খন বাহন জুইৰ শিখাই আগুৰি ধৰে।

এই ভয়ংকৰ ঘটনাটোত বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

পাৰ্কিং লটৰ মাজেৰে বিয়পি পৰা জুইৰ ফলত প্ৰায় ৩০ খন নতুন ই-ৰিক্সা, ৫০ খন পুৰণি ই-ৰিক্সা, ১০ খন ব্যক্তিগত গাড়ী, ২ খন স্কুটাৰ আৰু ১ খন মটৰচাইকেল ভস্মীভূত হয়।

দিল্লী অগ্নি নিৰ্বাপক বিভাগে পুৱা ৫ বজাত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় যদিও ইতিমধ্যে ৰখাই থোৱা আন বহুতো বাহনলৈ এই জুই বিয়পি পৰিছিল।

অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও অজ্ঞাত যদিও অগ্নি নিৰ্বাপক বাহিনীৰ মতে বিদ‍্যুতৰ শ্বৰ্ট চাৰ্কিটৰ বাবেই এই ঘটনাৰ সূত্ৰপাত ঘটে।