মন্ত্ৰী হিচাপে শপত নন্দিতা গাৰ্লােচা, জয়ন্তমল্ল বৰুৱাৰ, এইসমূহ বিভাগৰ দায়িত্ব অৰ্পণ

নিউজ ডেস্ক। অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ লগতে সালসলনি।

কেবাজনাে মন্ত্ৰীৰ দপ্তৰ কৰ্তন, সালসলনি কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

285730378 616210170019178 1888270606181278176 n
মন্ত্ৰী হিচাপে শপত নন্দিতা গাৰ্লােচা, জয়ন্তমল্ল বৰুৱাৰ, এইসমূহ বিভাগৰ দায়িত্ব অৰ্পণ 5

লগতে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ল দুজন নতুন মন্ত্ৰী।

উল্লেখ্য যে বৃহস্পতিবাৰে নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লােচাই মন্ত্ৰী হিচাপে শপত লয়।

285665988 616210153352513 124020572714213791 n
মন্ত্ৰী হিচাপে শপত নন্দিতা গাৰ্লােচা, জয়ন্তমল্ল বৰুৱাৰ, এইসমূহ বিভাগৰ দায়িত্ব অৰ্পণ 6

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সম্পন্ন এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ ৰাজ্যপাল প্ৰােঃ জগদীশ মুখীয়ে দুয়ােজনকে শপত বাক্য পাঠ কৰায়।

চাওক অসম মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণৰ তালিকাঃ

photo 2022 06 09 15 20 11
মন্ত্ৰী হিচাপে শপত নন্দিতা গাৰ্লােচা, জয়ন্তমল্ল বৰুৱাৰ, এইসমূহ বিভাগৰ দায়িত্ব অৰ্পণ 7

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰীসভাৰ অন্যান্য সদস্য, বিধায়কসকলাে এই অনুষ্ঠানত উপস্থিত থাকে।

photo 2022 06 09 15 20 11 2
মন্ত্ৰী হিচাপে শপত নন্দিতা গাৰ্লােচা, জয়ন্তমল্ল বৰুৱাৰ, এইসমূহ বিভাগৰ দায়িত্ব অৰ্পণ 8

এই দুজন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে হিমন্ত বিশ্ব মন্ত্ৰীসভাৰ সদস্য সংখ্যা ১৬ লৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে জয়ন্তমল্ল বৰুৱাক জনস্বাস্থ্য কাৰিকৰী বিভাগ, দক্ষতা, নিয়ােগ, উদ্যমিতা বিভাগ, পৰ্যটন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

ইপিনে, নন্দিতা গাৰ্লােচাক শক্তি বিভাগ, সমবায় বিভাগ, খনি আৰু খনিজাত বিভাগ, খিলঞ্জীয়া, জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে।