অসম

বৃদ্ধি হ’ব জুইশলাৰ দাম! সুদীৰ্ঘ ১৪ বছৰৰ পাছত দুটকালৈ বৃদ্ধি হ’ব জুইশলাৰ দাম…

এইবাৰ মূল্যবৃদ্ধি হ’ব জুইশলাৰ।

বৰ্তমান ১ টকা মূল্যত ক্ৰয় কৰি থকা জুইশলা ডিচেম্বৰৰ পৰা ক্ৰয় কৰিব লাগিব ২ টকাত।

জুইশলা নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা কেচা সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ পাইছে।

উল্লেখ্য যে ১৪ বছৰ পূৰ্বে বৃদ্ধি হৈছিল জুইশলাৰ মূল্য।

২০০৭ চনত ৫০ পইছাৰ পৰিৱৰ্তে ১ টকা কৰা হৈছিল প্ৰতিটো জুইশলাৰ মূল্য।

২০০৭ চনৰ পূৰ্বে একোট জুইশলা বাকচৰ মূ্ল্য আছিল ৫০ পইচা। ২০০৭ চনত ইয়াৰ মূল্য ৫০ পইচাৰ সলনি দুগুন বঢ়োৱা যায়।

এইবাৰো সেই ১ টকীয়া জুইশলা বাকচটোৰ মূল্য দুগুণ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ৰঙা ফছফৰাছৰ প্ৰতি কিলো মূল্য পূৰ্বে ৪২৫ টকা আছিল, বৰ্তমানে ৮১০ টকা। ম’ ৫৮ৰ পৰা ৮০ টকা, বাহিৰৰ বাকচ বোৰ্ড নিৰ্মাণৰ সামগ্ৰী ৩৬ৰ পৰা ৫৫ টকা, ভিতৰৰ বাকচ বোৰ্ড নিৰ্মাণৰ সামগ্ৰী ৩২ৰ পৰা ৫৮ টকা বৃদ্ধি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *