অসম

পুৰণ হ’ল ‘বাংলা লিখুন’ দাবী! অসমীয়া ভাষাৰ বেনাৰখন সলনি কৰি লগোৱা হ’ল বাংলা ভাষাৰ বেনাৰ…

যেন পুৰণ হ’ল বৰাক উপত্যকাৰ বঙালী সংগঠনৰ ‘বাংলা লিখুন’ দাবী।

অৱশেষত ৰাজ্য তোলপাৰ লগোৱা বেনাৰখনেই হ’ল সলনি…

বৰাকত অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সানি দিয়া বেনাৰখনেই অৱশেষত হ’ল সলনি।

বেনাৰখনেই বাংলা ভাষাৰ হৈ পৰিল ৰাজ্য তোলপাৰ লগেৱা জল জীৱন মিছনৰ পোষ্টাৰ।

যি পোষ্টাৰৰ অসমীয়া ভাষা ক’লা ৰঙেৰে মচি ‘বাংলা লিখুন’ লিখিছিল দুটা বঙালী সংগঠনে।

অসমীয়া ভাষা সলনি কৰি অৱশেষত বাংলা ভাষাত লিখা পোষ্টাৰ লগোৱা হৈছে উক্ত স্থানত৷

কাছাৰ জিলা প্ৰশাসনে আজি বিতৰ্কিত অসমীয়া ভাষাৰ হোৰ্ডিংখন সলনি কৰি বাংলা ভাষাত লিখা হোৰ্ডিং লগাই দিয়ে।

যি ঘটনাকলৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল, তেনে সময়তে বেনাৰখন সলনি কৰাক লৈ কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সেইয়া হ”ব লক্ষণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *