অসম

মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি- ‘তামুলপুৰত ১০ কোটি টকাৰে নিৰ্মাণ কৰা হ’ব নতুন ষ্টেডিয়াম’…

ৰাজ্যত এতিয়া বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ।

উপ নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

তামুলপুৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তামুলপুৰ সমষ্টিৰ ঔবাৰীত এখন উন্নতমানৰ ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ১০ কোটি টকা অনুদান আগবঢ়াব।

শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বৃহত ঘোষণা কৰে।

তামুলপুৰ সমষ্টিত ইউ পি পি এল দলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী শৰ্মাই এই মন্তব্য কৰে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ভিডিঅ’ টুইট কৰে।

য’ত তেওঁ কয়, ‘আজি তামুলপুৰ সমষ্টিৰ শুকলাই চেৰফাঙৰ অন্তৰ্গত ঔবাৰী খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী জনসভাত আপোনালোকৰ মৰম আৰু সমৰ্থন এন ডি এৰ ওপৰত থকা বিশ্বাসকে বুজাইছে। ঔবাৰীত এখন নতুন ষ্টেডিয়াম নিৰ্মাণৰ বাবে আমি ১০ কোটি টকাৰ অনুদান আগবঢ়াম।

লগতে তামুলপুৰবাসীক জলেন দৈমাৰীক ভোট দিবলৈও অনুৰোধ জনাই মুখ্যমন্ত্ৰী শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *