নিউজ ডেস্কঃ বৃটেইনৰ প্ৰধানমন্ত্ৰী হ’ল ভাৰতীয় মূলৰ ঋষি সুনক। কিন্তু ভাৰতীয়ই শুভেচ্ছাৰে উপচাই পেলাইছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আশীষ নেহৰাক।
দৰাচলতে ভাৰতীয় বংশোদ্ভূৱ বৃটেইনৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী ঋষি সুনকৰ সৈতে প্ৰাক্তন ক্ৰিকেটাৰ আশীষ নেহৰাৰ মুখাবয়বৰ মিল থকাৰ বাবেই বহুতে ভুলতে বহুতে ঋষি সুনকক শুভেচ্ছা দিয়াৰ সময়ত শ্বেয়াৰ কৰিছে আশীষ নেহৰাৰ ফটো।

যাৰ বাবে এতিয়া ঋষি সুনকৰ সৈতে একেলগে চৰ্চিত হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ এসময়ৰ পেচ বলাৰ আশীষ নেহৰাও।

আনহাতে একাংশই জানি বুজিয়েই ঋষি সুনক আৰু আশীষ নেহৰা সৰুতে বিচ্ছিন্ন হোৱা দুই যমজ ভাতৃ বুলিও সামাজিক মাধ্যমত ৰসিকতা কৰিছে।









