অসমীয়াঅসম

এয়াই ভালপোৱা! বঙাইগাঁৱত দিপাৱলীত মাটিৰ চাকিৰ পোহৰেৰে উদ্ভাসিত হৈ পৰিল জুবিন গাৰ্গ…

নিউজ ডেস্ক। জুবিন বুলিলেই যেন এক পৃথক উন্মাদনা। যুৱ প্ৰজন্মৰ হাৰ্ট থ্রব জুবিন গাৰ্গৰ জনপ্ৰিয়তা কিমান, সেয়া হয়তো নকলেও হয়।

কণ্ঠশিল্পী গৰাকীৰ প্ৰতি তেওঁৰ অনুৰাগীৰ সীমাহীন ভালপোৱাৰেই যেন আকৌ এবাৰ প্ৰমাণ পোৱা গল এইবাৰ দিপাৱলীত।

বঙাইগাঁও জিলাৰ অভয়পুৰীত এইবাৰ দিপাৱলীত মাটিৰ চাকিৰ আলোকেৰে উদ্ভাসিত হৈ পৰিল জুবিন গাৰ্গ।

image 198

অসংখ্য মাটিৰ চাকিৰে তেওঁৰ অনুৰাগীসকলে সাজি উলিয়ায় জুবিনৰ এক দৃষ্টিনন্দন প্ৰতিচ্ছবি।

তাৰ লগতে কণ্ঠশিল্পীগৰাকীৰ ‘মন যায়’, মনলৈ উভতি আহে ল’ৰালি’ আদি কেইবাটাও গীতৰ শাৰী মাটিৰ চাকিৰে প্ৰস্তুত কৰে অনুৰাগীয়ে।

image 199

কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা অনুৰাগীৰ ভালপোৱাৰ এই নিদৰ্শন এতিয়া ফটোৰ ৰূপত ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।