অসম

মই জুবিন দাৰ বিষয়ে একো বেয়াকৈ কোৱা নাই, জুবিন গাৰ্গ হ’ল মহান শিল্পীঃ সীমান্ত শেখৰ…

শনিবাৰে বিহু উদযাপন সন্দৰ্ভত পুনৰ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সৰৱ হয় জুবিন গাৰ্গ।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক ৭ দিন বিহু উদযাপন কৰিবলৈ আহ্বন জনোৱা সন্দৰ্ভত জুবিন কয়- বিহুৰ বিষয়ে ৰাইজে সিদ্ধান্ত ল’ব। ৰাইজে ৰাতিপুৱা পাতে, দুপৰীয়া পাতে, গধুলী পাতে সেইটো ৰাইজৰ কথা। মই শিল্পীসকলৰ বাবে কৈ আছো। শিল্পীসকলে তিনিবছৰ ধৰি অনুষ্ঠান কৰিব পৰা নাই। কৰ’ণাৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলি থাকোতে আমি কোনো মাত মতা নাই। মই শিল্পীসকলৰ প্ৰতি মাত মাতিম। এতিয়া পৰিবেশ ভাল হৈছে সকলোৰে ভাল হওক, সকলো কথাত যোৰ কৰিব নালাগে।

185

আনহাতে সাংবাদিকৰ প্ৰশ্নত সীমান্ত শেখৰ সন্দৰ্ভতো মন্তব্য কৰে জুবিন গাৰ্গে।

তেওঁ কয়- সীমান্ত শেখৰ সৰু ল’ৰা। সীমান্ত শেখৰে চৰকাৰে দিয়া দায়িত্ব পালন কৰক। অদৰকাৰী কথা ক’ব নালাগে। মোৰ বিষয়ে মাত মাতি লাভ নাই সীমান্তই। মোক ঢুকি পাবলৈ সীমান্তৰ ৭টা জনম লাগিব। অদৰকাৰী কথা নালাগে মোক।’

জুবিনৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰ্কাশ কৰিছে সীমান্ত শেখৰে।

সীমান্ত শেখৰে সাংবাদিকৰ আগত কয়- ‘মই জুবিন দাৰ বিষয়ে একো বেয়াকৈ কোৱা নাই, জুবিন গাৰ্গ হ’ল মহান শিল্পী। অসমবাসীয়ে জুবিন দাৰ পৰা পাব লগা বহুখিনি আছে।’

তেওঁ কয়- ‘মই বৰ আচৰিত হৈছো, মই দাদাৰ বিষয়ে কতো একো কোৱা নাই। দাদা খুব ভাল মানুহ, দাদক কোনোবাই মিছাই লগাই দিছে চাগে সীমান্তই কিবা ক’লে বুলি।’

আমি বিচাৰিছো বিহু হ’ব, বিহু হওক ভালকৈ। ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ ১৯০০খন বিহু হ’ব। এই বিহু সমূহক অনুদানো আগবঢ়াব মুখ্যমন্ত্ৰীয়ে। সেইটো আগেপিছে কেতিয়াও হোৱা নাই, এইবাৰ প্ৰথম হৈছে। এই পদক্ষেপে বিহুৰ উৎসাহ দুগুনে বঢ়াইছে বুলিও মন্তব্য সীমান্তৰ।

লগতে তেওঁ কয়-মই সৰু, মোক জুবিন দাই সৰুৰে পৰা পাইছে, জুবিন দাই খুব মৰমো কৰে মোক। মই জুবিন দাক খুব সন্মান কৰো, খুব ভাল পাও। জুবিন দাৰ পৰা বহুত আশা কৰো, এই ভুল ধাৰণাবোৰ আঁতৰিব লাগে।

তেওঁ কয়- যিকোনো আন্দোলন হলেই শিল্পীসকলক তৃতীয় পক্ষই টানি আনে, শিল্পীসকলে বহুত বেয়া সময় ভোগ কৰিছে। এতিয়া শিল্পীসকলৰ বাবে চিন্তা কৰিব লাগিব। তেওঁলোকক ভয়-ভাবুকি দিয়াৰ কোনো কথা নাই, তেওঁলোকক চৰকাৰৰ সৈতে বেয়া কৰিব বিচাৰিছে। চৰকাৰৰ বিৰুদ্ধে এইবোৰ মিছা প্ৰচাৰ চলিছে।শি্ল্পীৰ সন্মানে আমাৰ সন্মান।

জুবিন গাৰ্গৰ লগত সীমান্ত শেখৰৰ কেতিয়াও তুলনা নহয়, ভূপেন দাৰ পিছত অসমৰ কলা সংস্কৃতি ধৰি ৰাখিছে জুবিন দাই।-সীমান্ত শেখৰৰ মন্তব্য।

লগতে চাওকঃ

তীব্ৰবেগী ডাম্পাৰ-বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু দুই যুৱকৰ

G5 6

Leave a Reply

Your email address will not be published. Required fields are marked *