বিৰল দৃশ্য! মাইকী হাতীয়ে জন্ম দিলে দুটাকৈ পোৱালী, দৃশ্য চাবলৈ ভিৰ পৰ্যটকৰ

নিউজ ডেস্ক। দেখাত প্ৰকাণ্ড হ’লেও এটা মাইকী হাতীয়ে এবাৰত জন্ম দিয়ে মাত্ৰ এটা সন্তান।

দীঘলীয়া গৰ্ভধাৰন সময়ৰ বাবে এটাতকৈ অধিক সন্তান মাইকী হাতীয়ে জন্ম দিয়াটো বিৰল যদিও এনে ঘটনা নঘটাও নহয়।

শেহতীয়াকৈ কৰ্ণাটকৰ বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভত এজনী মাইকী হাতীয়ে একেলগে দুটাকৈ পোৱালী জন্ম দিয়া চাবলৈ ভিৰ কৰে অগণন পৰ্যটকে।

G7 5
বিৰল দৃশ্য! মাইকী হাতীয়ে জন্ম দিলে দুটাকৈ পোৱালী, দৃশ্য চাবলৈ ভিৰ পৰ্যটকৰ 4

ৰাষ্ট্ৰীয় উদ্যানখনৰ পুৰণি টিকট কাউণ্টাৰৰ সমীপত হাতী জনীয়ে প্ৰসৱ যন্ত্ৰনাত চটবটায়। কিন্তু তাত অধিক সময় থিয় হৈ থাকিব নোৱাৰি কষ্ট লাঘৱ কৰিবলৈ আৰু সহজে সন্তান প্ৰসৱ কৰাৰ সুবিধাৰ্থে মাইকী হাতীজনীয়ে অভ্যৰ্থনা কেন্দ্ৰৰ পৰা ২০০ মিটাৰ নিলগৰ এটা সৰু জলাশয়ৰ কাষত উপস্থিত হয় আৰু তাতেই দুটাকৈ মৰমলগা পোৱালী জন্ম দিয়ে হাতীজনীয়ে।

ইফালে এই বিৰল বাতৰি বিয়পি পৰাৰ পিছতে অগনন পৰ্যটক আৰু স্থানীয় লোক উপস্থিত হয় জলাশয়ৰ পাৰত।

হাতত ফোন, কেমেৰা লৈ সকলোৱে বিৰল দৃশ্য কেমেৰাত বন্দী কৰাৰ চেষ্টা চলায়।

কিন্তু জলাশয়ৰ পাৰত অগণন লোকৰ ভিৰ দেখি ভীতিগ্ৰস্ত হৈ পৰা হাতীজনী। যাৰ বাবে হাতীজনীয়ে পোৱালীসহ জলাশয়ৰ মাজতে বহু সময় সোমাই থাকে।

p2 13
বিৰল দৃশ্য! মাইকী হাতীয়ে জন্ম দিলে দুটাকৈ পোৱালী, দৃশ্য চাবলৈ ভিৰ পৰ্যটকৰ 5

লাহে লাহে যেতিয়া জনসমাগম হ্ৰাস পাবলৈ আৰম্ভ কৰে, তেতিয়া দুয়োটা পোৱালীসহ পাৰলৈ উঠি আহে হাতীজনী।

হাতী বিশেষজ্ঞ সুকুমাৰে জানিবলৈ দিয়া মতে, বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানত এটা হাতীয়ে দুটাকৈ পোৱালী জন্ম দিয়াৰ এয়া হৈছে দ্বিতীয়টো ঘটনা।

ইয়াৰ পূৰ্বে ১৯৯৪ চনত উদ্যানখনৰ আন এটা মাইকী হাতীয়ে দুটা পোৱালী জন্ম দিছিল বুলি জানিবলৈ দিয়ে সুকুমাৰে।

আনহাতে তেওঁৰ জীৱনত এতিয়ালৈকে মাত্ৰ দুটাকৈ পোৱালী জন্ম দিয়া ৪ জনী হাতীহে দেখা পোৱা বুলিও মন্তব্য কৰে হাতী বিশেষজ্ঞ সুকুমাৰে।

তেওঁ কয় যে স্তন্যপায়ী বন্দী জন্তুৰ মাত্ৰ ১ শতাংশ জীৱ-জন্তুয়েহে যমজ সন্তান জন্ম দিয়াৰ ক্ষমতা লাভ কৰে। অৱশ্যে বনাঞ্চলত এই পৰিসংখ্যা জনাটো সম্ভৱ নহয় বুলিও মন্তব্য কৰে তেওঁ।

লগতে চাওকঃ

প্ৰকৃত বন্ধু! পোহনীয়া চৰাই ‘মিঠু’ৰ বাবে নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল দম্পতী

G3 23
বিৰল দৃশ্য! মাইকী হাতীয়ে জন্ম দিলে দুটাকৈ পোৱালী, দৃশ্য চাবলৈ ভিৰ পৰ্যটকৰ 6

Leave a Comment