অসমঅসমীয়া

এইবাৰ মিঞা ভোটৰ প্ৰসংগ পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখত, ক’লে- AAP, AJPয়ে মিঞা ভোটত জয়ী হৈছে

নিউজ ডেস্ক। পৌৰ নিগমৰ নিৰ্বাচন ভোটগণনা অব্যাহত থকাৰ সময়তে পুনৰ উত্থাপন হ’ল মিঞা ভোটৰ প্ৰংসগ।

এইবাৰ এই প্ৰসংগ উত্থাপন কৰিলে নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।

উল্লেখ্য যে, আজি অব্যাহত থকা ভোটগণনাত বিপুল জয়ৰ দিশে আগবাঢ়িছে শাসকীয় বিজেপি।

এতিয়ালৈকে ঘোষিত হোৱা ফলাফল অনুসৰি এটাকৈ ৱাৰ্ডত আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদ জয়ী হোৱাৰ বিপৰীতে বাকী ৱাৰ্ডত জয়লাভ কৰিছে বিজেপি মিত্ৰজোঁটে।

1 13

বিজেপিৰ এই জয়ৰ ধাৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই উত্থাপন কৰে মিঞা ভোটৰ প্ৰসংগ।

অজাপ আৰু আম আদমী পাৰ্টীয়ে মিঞা ভোট লাভ কৰি জয়লাভ কৰা বুলি মন্তব্য কৰে মাৰ্ঘেৰিটাই। তাৰ বিপৰীতে বিজেপিয়ে হিন্দু, খিলঞ্জীয়া মুছলমান, খ্ৰীষ্টান, শিখ, জৈনৰ ভোট লাভ কৰিছে বুলি দাবী কৰে পবিত্ৰ মাৰ্ঘেৰিটাই।

ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে কয়, ‘৬০ৰ ভিতৰত ৫৮ খন আসনতে আমাক ৰাইজে মৰম দিছে। আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছিলো, দিছেও। আমাৰ বাবে প্ৰত্যেকটো নিৰ্বাচনেই গুৰুত্বপূৰ্ণ।’

প্ৰতিশ্ৰুতি দিয়া মতে, বিজেপিয়ে এখন সৰ্বাংগ সুন্দৰ গুৱাহাটী নিৰ্মাণ কৰিব বুলি মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই। বিৰোধীক সমালোচনা কৰি তেওঁ, ”চেঙা, মানকাছাৰত আপ জয়ী হ’ভ পাৰে।’’

কংগ্ৰেছ, এআইইউডিএফ, আপ, আজাপৰ ভোটবেংক একেই বুলি মন্তব্য কৰি অৰবিন্দ কেজৰিৱালে অসমৰ কথা কি জানে বুলিও প্ৰশ্ন কৰে বিজেপিৰ সাংসদ গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *