বিয়া খাবলৈ গৈ সন্ধানহীন চিত্তৰঞ্জন! পৰিয়ালত হাহাকাৰ

নিউজ ডেস্কঃ গাঁওৰে যুৱকৰ বিয়া খাবলৈ গৈ এজন কলেজীয়া ছাত্ৰ সন্ধানহীন হৈ পৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে লখিমপুৰ জিলাৰ বিহপুৰীয়াত। চিত্তৰঞ্জন দত্ত নামৰ নিৰুদ্দেশ হৈ থকা যুৱকজনক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালেও।

প্ৰাপ্ত তথ্য মতে, লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত চৌদ্ধপুনীয়া গাঁৱৰ প্ৰফুল্ল দত্ত আৰু মৌচুমী দত্তৰ কনিষ্ঠ পুত্ৰ চিত্তৰঞ্জন ৮ জুলাইৰ নিশা ১ বজাৰ পৰা সন্ধানহীন হৈ আছে।

উল্লেখযোগ্য যে, নিজা গাঁৱৰে এজন যুৱকৰ বিয়াৰ বৰযাত্ৰী হিচাপে বিহপুৰীয়া গন্ধিয়া গাঁৱৰ কইনাৰ ঘৰলৈ গৈছিল যুৱকজন। তাৰ পিছৰে পৰা যুৱকজনৰ কোনো সন্ধান পোৱা হোৱা নাই।

photo1657352805
বিয়া খাবলৈ গৈ সন্ধানহীন চিত্তৰঞ্জন! পৰিয়ালত হাহাকাৰ 2

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মেধাৱী ছাত্ৰ চিত্তৰঞ্জন ওৰফে পিঞ্জুক ইতিমধ্যে পৰিয়ালৰ লোক তথা বন্ধু বৰ্গই বিচাৰ খোচাৰ কৰিছে যদিও কোনো সন্ধান পোৱা নাই।

পৰিয়ালৰ লোকে ইতিমধ্যে ঘটনাটো সম্পৰ্কে আৰক্ষীৰ কাষ চাপিছে। আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান অব‍্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই।

এই ঘটনাত বিচলিত হৈ পৰা পৰিয়ালৰ লোকে কোনো সদাশয় লোকে যদি যুৱকজনৰ সন্ধান লাভ কৰে তেন্তে ৯৩৬৫৯ ৩৩৩৪৬ আৰু ৯১০১৮ ২৩৬৯৭ নম্বৰ দুটাত পৰিয়ালৰ লোকক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।