জালত মাছ নহয়, নদীৰ পানী যুঁৱলিত উদ্ধাৰ ৯টাকৈ বন্দুক।
লখিমপুৰ পানীগাঁৱৰ আলিচিগাত নদীত উদ্ধাৰ হৈছে ৯ টাকৈ বন্দুক।
সোৱণশিৰিৰ নদীৰ পাৰত কেইজনমান যুৱকে উদ্ধাৰ কৰে এয়াৰগাণ কেইটা।
লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ অন্তগৰ্ত আলিচিগাত ওলাইছে এই নটাকৈ বন্দুক।
দুজন যুৱকে প্ৰথমে প্ৰত্যক্ষ কৰে এটা বন্দুকৰ নলী। পানীত নমাৰ পিছত সাতটাকৈ বন্দুক শুকুৰবাৰে উদ্ধাৰ কৰাৰ পিছত আজি পুৱা পুনৰ দুটা বন্দুক উদ্ধাৰ হয়।
ইতিমধ্যে উদ্ধাৰ কৰা এয়াৰগাণ সমূহ তদন্তৰ বাবে লখিমপুৰ সদৰ থানালৈ প্ৰেৰণ কৰা হৈছে।
এনেদৰে ৯ টাকৈ বন্দুক উদ্ধাৰ হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলটোত।
আৰক্ষীৰ তদন্তৰ পিছতহে উদ্ধাৰ হোৱা বন্দুকৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।









