বিয়া খাই ঘৰলৈ উভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ ৯জনকৈ লোকৰ মৃত্যু…

এক অতি ভয়ংকৰ পথ দুৰ্ঘটনা।

বিয়া খাই ঘৰলৈ উভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ ৯জনকৈ লোকৰ মৃত্যু।

দেওবাৰে অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ অনন্তপুৰ-বাল্লাৰি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো।

23
বিয়া খাই ঘৰলৈ উভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ ৯জনকৈ লোকৰ মৃত্যু... 3

এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি আহি থকাৰ সময়তে এখন দ্ৰুতবেগী ট্ৰাকে এখন চাৰিচকীয়া বাহনক প্ৰচণ্ড জোৰেৰে মহতিয়াই লৈ যোৱাৰ ফলতে শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা আটাইকেইগৰাকী লোক একেটা পৰিয়ালৰে সদস্য। মৃত্যু হোৱা লোকৰ সকলৰ ভিতৰত ছয়গৰাকী মহিলা, দুজন পুৰুষ আৰু এজন শিশু।

পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহ সমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইপিনে এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰি পৰিয়ালল বৰ্গলৈ ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে।

লগতে চাওকঃ

মৰ্মান্তিক! দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰি মাতৃৰাে প্ৰাণ ত্যাগ

G8

Leave a Comment