অসমৰ এক ব্যতিক্ৰমী বিয়া! পুৰোহিতৰ ৰূপত মহিলা, পিতৃয়ে নকৰিলে কন্যাদান

নিউজ ডেস্ক। শিলচৰৰ এখন বিশেষ বিবাহ। বিয়াৰ দৰা পশ্চিমবংগৰ নিবাসী মৈনাক্য দে আৰু কইনা শিলচৰ লিংক ৰোডৰ চিকিৎসক ডাঃ অনন্যা দত্তৰায়।

৫ ফেব্ৰুৱাৰীত সম্পন্ন হোৱা এই বিবাহখন এতিয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে চৰ্চাৰ বিষয় হৈ পৰিছে। কাৰণ উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে মহিলা পুৰোহিতৰ দ্বাৰা সম্পন্ন হল মৈনাক্য আৰু অনন্যাৰ বিবাহখন।

উল্লেখ্য যে, হিন্দু সমাজত পুৰুষ পুৰোহিতৰ দ্বাৰাই বিবাহ আদি মাংগলিক কাৰ্য্য সম্পাদন কৰাৰ পৰম্পৰা প্ৰাচীন কালৰে পৰা চলি আহিছে। কিন্তু সময়ৰ লগে বহু পৰম্পৰাৰ আজি অৱসান ঘটিছে।

G9

এই পৰম্পৰা সলনি হৈ পশ্চিমবংগকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত মহিলা পুৰোহিতৰ দ্বাৰা মাংগলিক কাৰ্য্য সম্পাদন আৰম্ভ হৈছে যদিও উত্তৰ-পূৰ্বাঞ্চলত মহিলা পুৰোহিতক মান্যতা দিয়া হোৱা নাছিল।

কিন্তু শেহতীয়াকৈ সুপ্রদীপ দত্ত ৰয়ে এই পৰম্পৰা সলনি কৰি তেওঁৰ কন্যাৰ বিবাহৰ মাংগলিক কাৰ্য সম্পদনৰ দায়িত্ব অৰ্পণ কৰে অপৰাজিতা ভট্টাচাৰ্যক। তাৰ পিছতে এক সুদীৰ্ঘকালৰ পৰম্পৰা সলনি কৰি উত্তৰ-পূবত প্ৰথমবাৰলৈ সম্পন্ন হল মহিলা পুৰোহিতৰ দ্বাৰা সম্পাদন কৰা বিবাহখন।

সুপ্রদীপ দত্ত ৰয়ে এই সন্দৰ্ভত কয়, “পৰম্পৰা সলনি হোৱা উচিত। সময়ৰ সৈতে আমি খোজ দিয়া উচিত। পূৰ্বৰে পৰা চলি অহা নিয়ম মই মোৰ কন্যাৰ বিয়াত সলনি কৰিব বিচাৰিছিলোঁ। আজি পুৰুষৰ সমানেই মহিলাও আগবাঢ়িছে। যদি এগৰাকী মহিলাই ঘৰত মাংগলিক কাৰ্য্য সম্পাদন কৰিব পাৰে, তেতিয়া বিবাহ সম্পন্ন কৰাব কিয় নোৱাৰিব?”

P5

ইফালে প্ৰথমবাৰলৈ এখন বিয়াৰ মাংগলিক কাৰ্য্য সম্পাদন কৰি আনন্দ ব্যক্ত কৰে পুৰোহিত অপৰাজিতা ভট্টাচাৰ্যই। তেওঁ কয়, “২০১২ চনৰ পৰাই মই বিভিন্ন মাংগলিক কাৰ্য্য সম্পাদন কৰি আহিছিলোঁ। কিন্তু বিবাহ সম্পন্ন কৰাৰ দায়িত্ব কেতিয়াও লাভ কৰা নাছিলোঁ।

আমাৰ সমাজখন পুৰুষপ্ৰধান। মই যেতিয়া কোনো বিবাহ অনুষ্ঠানলৈ যাওঁ, তেতিয়া দেখোঁ যে বিয়াৰ পুৰোহিতৰ পৰা ৰীতি-নীতি পালন কৰা দৰাৰ পিতৃলৈকে সকলোবোৰ কাম পুৰুষৰ দ্বাৰাই সম্পন্ন কৰা হয়। কিন্তু বিয়াৰ পুৰোহিতবোৰলৈ মই যেতিয়া লক্ষ্য কৰোঁ, তেতিয়া মোৰ আত্মবিশ্বাস বাঢ়ে। তেওঁলোকে যিখিনি কাম কৰে, সেয়া ময়ো কৰিব পাৰো, বৰং তেওঁলোকতকৈ ভালকৈহে কৰিব পাৰিম বুলি আত্মবিশ্বাস জন্মে।”

পুৰোহিত অপৰাজিতা ভট্টাচাৰ্যই পুনৰ কয়, “এবছৰ পূৰ্বে সুপ্রদীপ দত্ত ৰয়ে তেওঁৰ কন্যাৰ বিয়াৰ দায়িত্ব মোক অৰ্পণ কৰিছিল। তাৰ পিছত মই প্ৰথমবাৰলৈ এখন বিয়াৰ পুৰোহিত হৈ সুখী অনুভৱ কৰিছো। এতিয়া নিয়ম সলনি হোৱাৰ সময়।”

লক্ষণীয়ভাৱে যোৱা ৫ ফেব্ৰুৱাৰীত সম্পন্ন হৈ যোৱা এই বিশেষ বিয়াখনৰ আছে আন এক বিশেষত্ব। সেয়া হৈছে- পৰম্পৰা ভংগ কৰি হিন্দু বিবাহখনত প্ৰথমবাৰলৈ সম্পন্ন কৰা নহল কন্যাদান প্ৰথা।

এই সন্দৰ্ভত কইনা অনন্যা দত্তৰয়ৰ পিতৃ সুপ্রদীপ দত্তৰয়ে কয়, “বিয়াখনত কন্যাদান প্ৰথাৰ বাহিৰে সকলো ধৰ্মীয় ৰীতি-নীতি নিয়াৰিকৈ পালন কৰা হৈছে। মই কন্যাদানৰ বিৰোধিতা কৰোঁ। মোৰ ছোৱালী মোৰ বাবে কোনো জড় সম্পত্তি নহয় যে দান দিব পাৰো। মোৰ ছোৱালী মোৰ সকলো। সেয়ে মই এই কন্যাদান প্ৰথা পালনৰ বিৰোধিতা কৰোঁ।”

Leave a Comment