বিয়াৰ বাবে বৰফাবৃত্ত দুৰ্গম সীমান্তত কৰ্তব্যৰত জোৱানক হেলিকপ্টাৰযোগে ঘৰলৈ পঠিয়ালে বিএছএফে

নিউজ ডেস্ক। ২ মে’ত বিয়া। কিন্তু বিয়াৰ পূৰ্বে ঘৰৰ পৰা বহু দূৰৈৰ সীমান্তৰ দুৰ্গম এলেকাত দেশৰ সুৰক্ষাত নিয়োজিত তেওঁ।

বিয়াৰ ৬ দিন আগলৈকে সীমান্তত নিজৰ দায়িত্ব সম্পাদন কৰি থকা বিএছএফৰ জোৱান নাৰায়ণ বেহৰাৰ বাবে কৰ্তব্যৰত দুৰ্গম এলেকাৰ পৰা আঢ়ৈ হাজাৰৰো অধিক দুৰত্বৰ ঘৰখনত সময়মতে উপস্থিত হোৱাটো একপ্ৰকাৰ অসম্ভৱ আছিল।

প্ৰবল তুষাৰপাতে স্থলপথসমূহ। হিমস্খলনৰ বাবে পথৰ ওপৰত দীঘলীয়া লানি লাগিছিল যান-বাহনৰ।

এনে সময়ত জোৱান নাৰায়ণ বেহৰাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটোৰ পূৰ্বে নিজৰ ঘৰখনত উপস্থিত হোৱাত বিএছএফে কৰা সহায়ে এতিয়া সামাজিক মাধ্যমতো লাভ কৰিছে চৰ্চা।

G5 16
বিয়াৰ বাবে বৰফাবৃত্ত দুৰ্গম সীমান্তত কৰ্তব্যৰত জোৱানক হেলিকপ্টাৰযোগে ঘৰলৈ পঠিয়ালে বিএছএফে 3

উল্লেখ্য যে, উৰিষ্যাৰ ঢেঙ্কানালৰ আদিপুৰ গাঁৱৰ নিৱাসী বিএছএফৰ জোৱান নাৰায়ণ বেহেৰা কৰ্তব্যৰত হৈ আছে ভাৰত-পাকিস্তান সীমান্তৰ মাচিল চেক্টৰত। দুৰ্গম এলেকাটোত এতিয়া বৰফৰ আচ্ছাদন। যাৰ বাবে বন্ধ হৈ পৰিছে বাট-পথসমূহো।

এনে পৰিপ্ৰেক্ষিতত ভাৰতীয় সেনাৰ জোৱান সকলক অনা-নিয়াৰ বাবে একমাত্ৰ উপায় হৈছে সামৰিক বিমানৰ ব্যৱহাৰ।

ইফালে বিয়ালৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতো দুৰ্গম সীমান্তত কৰ্তব্য পালন কৰি থকা নাৰায়ণ বেহৰা সময়মতে ঘৰত উপস্থিত হ’ব পাৰিবনে নাই তাক লৈ উদ্বিগ্ন হৈ পৰে পিতৃ-মাতৃ।

ইতিমধ্যে বিয়াৰ সমস্ত জা-যোগাৰ সম্পন্ন হৈছে। তেনে পৰিস্থিতিত যদিও বিয়াৰ দৰাই সময়ত উপস্থিত হ’ব নোৱাৰে, তেন্তে বিয়া কেনেকৈ সম্ভৱ?

যাৰ বাবে নাৰায়ণ বেহৰাৰ পিতৃ-মাতৃয়ে গোটৰ কমাণ্ডাৰসকলৰ সৈতে যোগাযোগ কৰে আৰু মনৰ উদ্বিগ্নতা ব্যক্ত কৰে। ইয়াৰ পিছতে কমাণ্ডাৰসকলো এই বিষয়ে বিএছএফৰ মহাপৰিদৰ্শক (কাশ্মীৰ সীমান্ত) ৰাজা বাবু সিঙক অৱগত কৰাত লগে লগে সেনা বিষয়াগৰাকীয়ে নাৰায়ণ বেহৰাক নিবলৈ শ্ৰীনগৰত নিয়োজিত বাহিনীৰ এখন চিতা হেলিকপ্টাৰ প্ৰেৰণ কৰে।

ইয়াৰ পিছত বিএছএফৰ জোৱানজনক হেলিকপ্টাৰৰ জৰিয়তে মাচিলৰ পৰা শ্ৰীনগৰলৈ অনা হয় আৰু তাৰ পৰা বৃহস্পতিবাৰে চক্কাললৈ অনা হয়। পৰৱৰ্তী সময়ত চক্কালৰ পৰা স্থলপথেৰে নিজ গৃহলৈ প্ৰেৰণ কৰা হয় সেনা জোৱানজনক।

বিএছএফৰ জোৱানজনক সময়মতে ঘৰত উপস্থিত হ’বলৈ সকলো প্ৰকাৰে সহায় আগবঢ়োৱা বিএছএফৰ এনে কাৰ্যই এতিয়া সামাজিক মাধ্যমতো যথেষ্ট প্ৰশংসা লাভ কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিএছএফৰ জোৱান সকলক পুষ্টিকৰ খাদ্য যোগান নধৰা, তেওঁলোকৰ সমস্যাবোৰ শীৰ্ষ বিষয়াই গুৰুত্ব নিদিয়াৰ নানান অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছিল। কিন্তু এনে অভিযোগৰ পৰিৱৰ্তে নাৰায়ণ বেহৰাক বিয়াৰ পূৰ্বে তেওঁৰ ঘৰত উপস্থিত কৰাবলৈ বিএছএফৰ মহাপৰিদৰ্শকে গ্ৰহণ কৰা প্ৰচেষ্টাই এতিয়া চৰ্চা লাভ কৰিছে।

লগতে চাওকঃ

বৈচিত্ৰৰ মাজত ঐক্য! কাশ্মীৰত নামাজ আদায় কৰিলে ভাৰতীয় সেনাৰ বিষয়া-জােৱানে, সামাজিক মাধ্যমত ভাইৰেল ছবি

G2 34
বিয়াৰ বাবে বৰফাবৃত্ত দুৰ্গম সীমান্তত কৰ্তব্যৰত জোৱানক হেলিকপ্টাৰযোগে ঘৰলৈ পঠিয়ালে বিএছএফে 4

Leave a Comment