কেইবাটাও দাবীৰে কাইলৈৰ পৰা উত্তৰ-পূৰ্বাঞ্চল কঁপাব নেছ’ৱে…

নিউজ ডেস্কঃ বুধবাৰৰ পৰা পুনৰ উত্তৰ-পূৰ্বাঞ্চল কঁপাবলৈ সাজু হৈছে উত্তৰ-পূব ছাত্ৰ সন্থা চমুকৈ নেছ’ৱে। উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবীৰ লগতে ‘কা’ প্ৰত্যাহাৰৰ দাবীত ত্ৰিপুৰাৰ পৰা অসমলৈকে উত্তৰ-পূবৰ ৭ ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে নেছ’।

মঙলবাৰে অসমৰ এক সংবাদ গোষ্ঠীৰ সৈতে বাৰ্তালাপ কৰি নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে বুধবাৰে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নেছ’ৰ দ্বাৰা শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।

photo1660654784
কেইবাটাও দাবীৰে কাইলৈৰ পৰা উত্তৰ-পূৰ্বাঞ্চল কঁপাব নেছ’ৱে… 3

অসম, অৰুণাচল প্ৰদেশ তথা মেঘালয়ৰ বান সমস্যা সমাধানৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰা, উত্তৰ পূবত বহিৰাগতৰ প্ৰৱজন প্ৰতিৰোধ কৰা, খিলঞ্জীয়া জনগোষ্ঠীসমূহক সাংবিধানিক সুৰক্ষা প্ৰদান কৰা, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা আৰু বৃদ্ধি পোৱা মৌলবাদী শক্তি প্ৰতিৰোধ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিব নেছ’ৱে।

photo1660654789
কেইবাটাও দাবীৰে কাইলৈৰ পৰা উত্তৰ-পূৰ্বাঞ্চল কঁপাব নেছ’ৱে… 4

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ৩ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হৈছিল নেছ’ৰ কেন্দ্ৰীয় সমিতিৰ এখন বৈঠকত। এই বৈঠকৰ পিছতে ১৭ আগষ্টৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ ঘোষণা কৰিছিল নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।