অসমঅসমীয়া

বিহুৰ মঞ্চত অনুষ্ঠান নকৰাৰ জুবিনৰ ঘােষণা সম্পৰ্কত এই কথা ক’লে অভিনেত্ৰী বৰষাৰাণীয়ে…

নিউজ ডেস্ক। ‘বিহু চান্দা তুলি পতা মই দেখা নাই।’ -এই মন্তব্য অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ।

চান্দা বিতৰ্ক আৰু বিহু সমিতিক চৰকাৰী অনুদান আগবঢ়োৱাক লৈ অব্যাহত থকা প্ৰতিক্ৰিয়াৰ মাজতে এই মন্তব্য কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াই।

অভিনেত্ৰীগৰাকীয়ে কয় যে, বিহু অসমীয়াৰ পৰম্পৰা। সাত বিহু মানুহে পৰম্পৰা অনুসৰি পালন কৰে।

Renowned-artist-Zubeen-Garg-during-the-inaugural-programme-of-the-New-Orthopaedic-Operation-Theatre-

বাকী বিহুৰ সময়ত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ কথা যদি কোৱা হয়, তেন্তে এনেকেই স্পনচৰ্ছৰ জৰিয়তে এনে অনুষ্ঠান অনুষ্ঠিত কৰে। টিভিৰ ধাৰাবাহিকৰ মাজত যিদৰে বিজ্ঞাপন চলে, ঠিক সেইদৰে এনে অনুষ্ঠানতো বিজ্ঞাপন দিয়া হয়।

8

অভিনেত্ৰী গৰাকীয়ে লগতে কয় যে তেওঁ চান্দা তুলি বিহুৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ বিষয়ে জ্ঞাত নহয়। কিন্তু যদি কোনোবাই দাবী-ধমকি দি ধন সংগ্ৰহ কৰি বিহুৰ অনুষ্ঠান অনু্ষ্ঠিত কৰে, তেন্তে সেয়া হব নালাগে বুলিও মন্তব্য কৰে বৰষাৰাণী বিষয়াই।

ইফালে দুদিন পূৰ্বে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে অহা বছৰৰ পৰা বিহুৰ অনুষ্ঠান নকৰে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰষাৰাণী বিষয়াই কয় যে, শিল্পী হৈছে জনতাৰ দ্বাৰা নিৰ্মিত।

জুবিন গাৰ্গে আৱেগিক হৈ এই মন্তব্য কৰিছিল।

ৰাইজে বিচাৰিলে অহা ২০ বছৰলৈও জুবিন গাৰ্গে বিহুৰ সাংস্কৃতিক অনুষ্ঠান কৰিব লাগিব বুলিও মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *