অসমঅসমীয়া

”চৰকাৰে পুলিচ-মিলিটেৰী লগালেও আমি চান্দা তুলি বিহু পাতিমেই”!

নিউজ ডেস্ক। বিহু বনাম চান্দা সংস্কৃতি। ৰাজ্যজুৰি বৰ্তমান চৰ্চিত বিষয় হৈছে এয়া।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চান্দা সংস্কৃতি বন্ধ কৰাৰ বাবে ব’হাগৰ প্ৰথম সাত দিনত অনুষ্ঠিত বিহু অনুষ্ঠানৰ বাবে ১০ বছৰ পুৰণি বিহু সমিতিক ডেৰ লাখ টকাকৈ চৰকাৰী আৰ্থিক অনুদান আগবঢ়োৱাৰ ঘোষণা কৰিছে। তাৰ পিছতে মুখ্যমন্ত্ৰীৰ ঘোষণাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বিহুৰ অনুষ্ঠান আয়োজনৰ নামত চান্দা তোলা কাৰ্য বন্ধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক একাংশই সমৰ্থন কৰিলেও আন একাংশই ইয়াৰ তীব্ৰ বিৰোধিতা কৰা দেখা গৈছে। বিগত দশক দশক ধৰি চান্দা সংগ্ৰহ কৰি অসমীয়াৰ বাপতিসাহোন বিহুটি অনুষ্ঠিত কৰি অহা একাধিক বিহু সমিতিয়ে এতিয়া মুখ্যমন্ত্ৰীৰ ঘোষণাৰ বিৰুদ্ধে ক্ষোভ উজাৰা পৰিলক্ষিত হৈছে।

ডেৰ লাখ টকাৰে বিহুৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাটো কিদৰে সম্ভৱ বুলিও মুখ্যমন্ত্ৰীক উভতি ধৰিছে অনেকে।

মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ বিৰোধিতাৰে সৰৱ হৈ পৰিছে বিহু সুৰক্ষা সমিতি, অসমৰ সদস্য মিঠাৰাম চেতিয়াও। ‘চান্দা তুলি আমি বিহু পাতিমেই’ বুলি হুংকাৰ দি মিঠাৰাম চেতিয়াই কয় যে চৰকাৰে এনে বিহু বন্ধ কৰিবলৈ পুলিচ-মিলিটেৰী লগালেও মানুহে চান্দা দিবই।

তেওঁ কয়, ‘আমাৰ গাঁৱত বিহু পাতো আৰু ৫০ পইচাৰ পৰা হাজাৰ টকালৈকে তোলো আৰু এই টকাৰে আমি বিহু পাতো। গাঁওবিলাকত ৭০-৮০ বছৰীয়া বিহু হৈ আছে.. এই বিহুত ডেৰলাখ টকাৰ প্ৰশ্ন নাহে। … পইচা ডাঙৰ কথা নহয়, বিহুৰ যি প্ৰকৃত মৰ্যাদা, সেয়া ৰক্ষা কৰাটোহে আচল কথা।’’

বিহু সমিতিক চৰকাৰে যি ডেৰলাখ টকা দিব বুলি ঘোষণা কৰিছে, সেয়া ক’ৰ পৰা দিব বুলিও প্ৰশ্ন কৰে মিঠাৰাম চেতিয়াই। বিহাৰী-মাৰোৱাৰীৰ পৰা চান্দা তুলি বিহু পাতিব নালাগে বুলি কোৱা চৰকাৰে কেৱল অসমীয়াৰ পৰা কৰ সংগ্ৰহ কৰি বিহু পাতিবলৈ টকা দিব নেকি বুলি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে মিঠাৰাম চেতিয়া।

চৰকাৰে পুলিচ-মিলিটেৰী লগালেও চান্দা তুলি বিহু পাতিবই বুলি বিহু সুৰক্ষা সমিতিৰ সদস্যগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত চৰকাৰক প্ৰত্যাহ্বান জনায়।

লগতে চাওকঃ

বিহুৰ মঞ্চত অনুষ্ঠান নকৰাৰ জুবিনৰ ঘােষণা সম্পৰ্কত এই কথা ক’লে অভিনেত্ৰী বৰষাৰাণীয়ে…

Leave a Reply

Your email address will not be published. Required fields are marked *