ৰাষ্ট্ৰীয়

দুঃখবৰ! জনপ্ৰিয় আধ্যাত্মিক ধাৰাবাহিক ‘মহাভাৰত’ৰ ভীম আৰু নাই…

দেশবাসীৰ বাবে এক দুঃখবৰ!

জনপ্ৰিয় আধ্যাত্মিক ধাৰাবাহিক ‘মহাভাৰত’ৰ ভীম চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা প্ৰবীণ কুমাৰ চবতীৰ মৃত্যু।

৭৪বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

দীৰ্ঘ দিন ধৰি বেমাৰ আৰু আৰ্থিক অনাটনৰ মাজত আছিল অভিনেতাগৰাকী।

কেৱল অভিনয়ে নহয় ক্ৰীড়া ক্ষেত্ৰৰ সৈতেও জড়িত আছিল লোকগৰাকী।

হেমৰ আৰু ডিচকাছ থ্ৰ’ত তেওঁ এচিয়ান গেমছত দেশৰ বাবে কঢ়িয়াই আনিছিল ২টা স্বৰ্ণ, ১টা ৰূপ আৰু এটা বঞ্জৰ পদক।

এচিয়ান আৰু কমৱৱেল্থ গেমছ উভয়তে তেওঁ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

Image

অৰ্জুন সন্মানেৰে সন্মানিত প্ৰবীণ কুমাৰক এটা সময়ত বি এছ এফৰ চাকৰিও প্ৰদান কৰা হৈছিল যদিও অভিনয়ৰ প্ৰতি থকা দুৰ্বাৰ হেপাঁহৰ বাবে তেওঁ সেই চাকৰি কৰা নাছিল।

পঞ্জাৱত জন্মগ্ৰহণ কৰা অভিনেতাগৰাকী বিগত এটা বছৰ ধৰি ৰোগাক্ৰান্ত হৈ ঘৰতে আছিল।

ক্ৰীড়াৰ বাহিৰেও ৫০ৰো অধিক ছবিতো কাম কৰিছিল প্ৰবীণ কুমাৰে। পিছলৈ ৰাজনীতিতো ভৰি থয় অভিনেতাগৰাকীয়ে।

কিন্তু জীৱনৰ শেষৰ ফালে ভীষণ আৰ্থিক সমস্যাত ভুগি চৰকাৰৰ ফালৰ পৰাও সহায় বিচাৰিছিল যদিও কোনো সুফল লাভ কৰা নাছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *