অসম

পত্নী-পুত্ৰসহ ক’ভিড-১৯ত আক্ৰান্ত বিধায়ক অখিল গগৈ

ক’ভিড-১৯ত আক্ৰান্ত হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, তেওঁ পত্নী আৰু পুত্ৰ।

শুকুৰবাৰে কৰা ক’ভিড পৰীক্ষাত অখিল গগৈৰ পত্নী গিতাশ্ৰী তামুলী আৰু পুত্ৰ নচিকেটাৰ ৰিজাল্ট পজিটিভ আহে।

G1

আনহাতে, ৰেপিড এন্টিজেন টেষ্টত অখিল গগৈৰ ৰিজাল্ট নিগেটিভ আহে যদিও আৰটিপিচিআৰ টেষ্টৰ ৰিজাল্টত অখিল গগৈ পজিটিভ হিচাপে চিনাক্ত হয়।

টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই বিষয়ে জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে।

অখিল গগৈয়ে উল্লেখ কৰা মতে, বিহুৰ সময়ত তেওঁ ঘৰতেই আছিল। কিন্তু শুকুৰবাৰে পৰিয়ালৰ আটাইকেইজন সদস্যৰ গা কিছু বেয়া লগাত ক’ভিডৰ আশংকা কৰি টেষ্ট কৰে।

বৰ্তমান পত্নী আৰু পুত্ৰৰ সৈতে ঘৰতে আইশ্যলেট হৈ আছে বিধায়কগৰাকী।

ক’ভিডৰ আশংকাত তেওঁ পূৰ্ব নিৰ্ধাৰিত সকলো কাৰ্যসূচী বাতিল কৰাৰ ঘোষণা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *