অসম

বিহুৰ আনন্দৰ মাজতে অঘটন! ট্ৰেভেলাৰ আৰু পিক আপ ভানৰ সংঘৰ্ষত থিতাতে নিহত দুজন…

বিহুৰ আনন্দৰ মাজতে অঘটন।

ট্ৰেভেলাৰ আৰু পিক আপ ভানৰ সংঘৰ্ষত থিতাতে নিহত দুজন।

গোৱালপাৰাৰ ডেকধোৱাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

ট্ৰেভেলাৰ আৰু পিক আপ ভানৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু হোৱা লোক দুজনক ক্ৰমে হিৰণ্ময়ী দাস আৰু বিপুল দাস বুলি চিনাক্ত কৰা হৈছে।

আনহাতে এই দুৰ্ঘটনাটোত আন কেইবাজনো যাত্ৰী আহত হৈছে।

আহতসকলক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আহতসকলৰ ভিতৰত অপূৰ্ব দাস নামৰ এজন চালকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে,শনিবাৰে সন্ধিয়া হোৱা প্ৰচণ্ড ধুমুহাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দুই বাহনৰ মাজত সংঘৰ্ষ হোৱা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *