ৰাষ্ট্ৰীয়

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক ৫ বছৰৰ কাৰাদণ্ড আৰু ৬০ লাখ টকাৰ জৰিমণা…

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক ৫ বছৰৰ কাৰাদণ্ড আৰু ৬০ লাখ টকাৰ জৰিমণা।

পশুখাদ্য কেলেংকাৰীত দোষী সাব্যস্ত লালু প্ৰসাদ যাদৱক পুনৰ ৫ বছৰৰ কাৰাদণ্ডৰ লগতে ৬০ লাখ টকাৰ জৰিমনা বিহিলে ৰাঁচীৰ CBI আদালতে।

ডোৰণ্ডা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা অবৈধভাৱে উলিয়াইছিল বিহাৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে।

১৯৯০ৰ পৰা ১৯৯৫চনৰ ভিতৰত উলিয়াইছিল এই ধনখিনি।

ঘটনা সন্দৰ্ভত অন্য ৭৪ জনকো দোষী সাব্যস্ত কৰা হৈছে।

ইয়াৰ পূৰ্বেও অন্য দুটী গোচৰত দোষী সাব্যস্ত হৈ ১৪ বছৰৰ কাৰাবাস খাটিছিল লালু প্ৰসাদ যাদৱে।

আদালতে লালু প্ৰসাদ যাদৱক কাৰাবাসেৰে দণ্ডিত কৰাৰ পাছতে লালু প্ৰসাদ যাদৱৰ অধিবক্তাই তেওঁৰ স্বাস্থ্যৰ প্ৰসংগ উত্থাপনেৰে জামিনৰ বাবে আবেদন কৰিব বুলি উল্লেখ কৰে।

অৱশ্যে যেতিয়ালৈ লালু প্ৰসাদ যাদৱে জামিন লাভ নকৰে তেতিয়ালৈ নেতা গৰাকীয়ে কাৰাগাৰতে থাকিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *