অসমঅসমীয়া

সাংবাদিকৰ ওপৰত কিয় খং উঠিল কংগ্ৰেছ সাংসদ ৰিপুন বৰাৰ?

গহপুৰত সাংবাদিকৰ ওপৰত খং উঠিল কংগ্ৰেছ সাংসদ ৰিপুন বৰাৰ।

“আপুনি কিয় বিজেপিৰ এজেন্টৰ দৰে প্ৰশ্ন কৰে” বুলিও সাংবাদিকক নীতিশিক্ষা দিলে ৰিপুন বৰাই।

দৰাচলতে দেওবাৰে পৌৰসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ গহপুৰত প্ৰচাৰ চলাবলৈ উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ তথা এপিচিচিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা।

কংগ্ৰেছ সাংসদ গৰাকী গহপুৰ নগৰস্থিত দলৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে একাংশ স্থানীয় সাংবাদিকে নিৰ্বাচনক লৈ তেওঁৰ মত গ্ৰহণ কৰিব বিচাৰে।

উল্লেখ্য যে, এসময়ত কংগ্ৰেছৰ অভেদ্য দুৰ্গ হিচাপে পৰিচিত গহপুৰৰ পৌৰ সভা নিৰ্বাচনত এইবাৰ কংগ্ৰেছে মুঠ ১০ টা ৱাৰ্ডৰ ভিতৰত কেৱল ৪টাতহে প্ৰাৰ্থী প্ৰদান কৰিছে।

তেনে পৰিপ্ৰেক্ষিতত এগৰাকী সাংবাদিকে কংগ্ৰেছ সাংসদ গৰাকীৰ পৰা কিয় তেওঁলোকে আটাইকেইটা ৱাৰ্ডত প্ৰাৰ্থী দিবলৈ সক্ষম নহল বুলি প্ৰশ্ন কৰাত জাঙুৰ খাই উঠে ৰিপুন বৰা।

তেওঁ কয়, ‘প্রার্থী দিয়া নিদিয়াটো আমাৰ কথা। কৌশলগত কাৰণত আমি প্রার্থী দিয়া নাই। আপুনি কিয় বিজেপিৰ এজেণ্টৰ দৰে প্রশ্ন সোধে। সাংবাদিকৰ দৰে প্ৰশ্ন কৰিব। আপুনি সদায় মোক নিগেটিভ প্রশ্নই কৰে।’

সাংবাদিকৰ প্ৰশ্নত ক্ষুব্ধ হৈ পৰা বৰাই প্ৰথমে নিজৰ প্ৰতিক্ৰিয়া দিবলৈ অস্বীকাৰ কৰে যদিও পিছত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

কোনো পৰীক্ষাৰ্থী ঘৰৰ পৰা ওলাই অহাৰ সময়ত পৰীক্ষাত উত্তীৰ্ণ হম বুলি ভাবিয়েই ওলাই আহে। ঠিক তেনেদৰে কংগ্ৰেছেও জিকিম বুলি ভাবিয়েই পৌৰসভা নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান কৰিছে বুলি মন্তব্য কৰে ৰিপুন বৰাই।

Leave a Reply

Your email address will not be published. Required fields are marked *