বিসম্বাদী হৈ অৱশেষত স্বাৰ্থ সিদ্ধি হ’ল একনাথ শিণ্ডেৰ! আজি সন্ধিয়া শপত ল’ব মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ বিসম্বাদ কৰি অৱশেষত স্বাৰ্থ সিদ্ধি হ’ল একনাথ শিণ্ডেৰ। উদ্ধৱ থাকৰেৰ চৰকাৰ পতনৰ পিছত আজি সন্ধিয়া মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব বিদ্ৰোহী শিৱসেনাৰ বিধায়ক একনাথ শিণ্ডেয়ে।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে প্ৰকাশ কৰা তথ্য অনুসৰি, আজি সন্ধিয়া ৭.৩০ বজাত ৰাজভৱনত অকলেই মুখ্যমন্ত্ৰীৰূপে শপত ল’ব একনাথ শিণ্ডেয়ে।

সংবাদমেলত একনাথ শিন্দেৰ সৈতে উপস্থিত থাকি ফডনাভিছে কয়, ‘২০১৯ চনত বিজেপি আৰু শিৱসেনাই একেলগে নিৰ্বাচন যুঁজিছিল। আমি সম্পূৰ্ণ সমৰ্থনো লাভ কৰিছিলো। আমাৰ সংখ্যাগৰিষ্ঠতা ১৭০ খন আসনলৈকে বৃদ্ধি পাইছিল। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও এই সমাৱেশত মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰিছিল যদিও নির্বাচনৰ পাছত শিৱসেনাই এনে লোকৰ সৈতে মিত্রতা গঢ়ি তুলিছিল, যাৰ বাবে বালাচাহেব থাকৰে গোটেই জীৱন যুঁজিছিল৷’

উদ্ধৱ থাকৰেৰ পদত্যাগৰ পিছত একনাথ শিণ্ডেৰ নেতৃত্বত বিদ্ৰোহী শিৱসেনাৰ বিধায়কৰ সমৰ্থনত ৰাজ্যত পুনৰ ক্ষমতালৈ ঘূৰি আহিবলৈ সাজু হৈছে ভাৰতীয় জনতা পাৰ্টী।

তাৎপৰ্যপূৰ্ণভাৱে বৃহস্পতিবাৰে হ’বলগীয়া আস্থা ভোটৰ পূৰ্বেই বুধবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল উদ্ধৱ থাকৰে। তেওঁ বিধান পৰিষদৰ সদস্যপদৰ পৰা পদত্যাগ কৰাৰো ঘোষণা কৰিছিল।

থাকৰেৰ নেতৃত্বত মহা বিকাশ আঘাড়ী চৰকাৰক বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰাৰ কিছু মিনিট পিছতে ঠাকৰেয়ে মুখ্যমন্ত্ৰী পদৰ পৰা নিজেই পদত্যাগ কৰাৰ ঘোষণা কৰিছিল।