অনলাইনত বিদ্যুতৰ বিল পৰিশোধ কৰি একাউণ্ট খালী হ’ল অভিনেতা শান্তিলাল মুখাৰ্জীৰ! হেকাৰে লুটিলে ২.৫ লাখ টকা‌

নিউজ ডেস্কঃ হাতে হাতে মোবাইল ফোন আৰু ইন্টাৰনেটৰ সুবিধা হোৱাৰ লগে লগে বাঢ়িছে চাইবাৰ ক্ৰাইম। হেকাৰে সাধাৰণ মানুহক‌ প্ৰৱঞ্চনা কৰিবলৈ ৰচিছে ন ন পৰিকল্পনা। এইবাৰ প্ৰৱঞ্চনাৰ বলি হ’ল‌ অভিনেতা শান্তিলাল মুখাৰ্জী। বিদ্যুৎ বিল পৰিশোধৰ নামত তেওঁৰ একাউণ্টৰ পৰা হেকাৰে লুটি লৈ গ’ল প্ৰায় ২.৫ লাখ টকা।

জানিব পৰা মতে, ১৩ জুনত অভিনেতাগৰাকীৰ ব্যক্তিগত ম’বাইল নম্বৰত এটা এছএমএছ আহিছিল। সেই এছএমএছত লিখা আছিল যে বৈদ্যুতিক বিল নিশাৰ ভিতৰত পৰিশোধ নকৰিলে ঘৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হ’ব।

মোবাইলত এছএমএছ লাভ কৰিয়েই বিদ্যুৎ বিল পৰিশোধ কৰে অভিনেতা শান্তিলাল মুখাৰ্জীয়ে। তাৰ পিছত তেওঁলৈ ফোন আহে এটা অজ্ঞাত নম্বৰৰ পালে। ফোনৰ সিটো মূৰে থকা অজ্ঞাত লোকজনে অভিনেতাজনক জনায় যে বিদ্যুৎ বিল পৰিশোধ আপডেট কৰিবলৈ ১১ টকা পৰিশোধ কৰিব লাগিব।

অভিনেতাগৰাকীৰ নম্বৰলৈ এটা এছএছএম প্ৰেৰণ কৰি সেই এছএমএছত ক্লিক কৰি ১১টকাটো পৰিশোধ কৰিবলৈ কয় অজ্ঞাত ব্যক্তিজনে।

শান্তিলাল মুখাৰ্জীয়ে ব্যক্তিজনৰ নিৰ্দেশ অনুসৰণ কৰি এছএমএছটোত ক্লিক কৰাৰ পিছতে তেওঁৰ একাউণ্টত জমা থকা প্ৰায় ২.৫ লাখ টকা পলকতে নাইকীয়া হৈ পৰে।

অভিনেতাগৰাকীয়ে পৰৱৰ্তী সময়ত হেকাৰৰ প্ৰৱঞ্চনাৰ বলি হোৱা বুলি গম পাই আৰক্ষীৰ কাষ চাপে। চাৰ্শুনাই আৰক্ষী থানা আৰু লালবজাৰৰ চাইবাৰ চেলত এটা অভিযোগ দাখিল কৰিছে অভিনেতাগৰাকীয়ে।

তেওঁ অভিযোগৰ প্ৰমাণ স্বৰূপে সেই অজ্ঞাত নম্বৰৰ পৰা অহা এছএমএছ আৰু ফোনসম্পৰ্কীয় সকলো তথ্য আৰক্ষীক দিছে। আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও হেকাৰক চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে।

চাইবাৰ বিশেষজ্ঞসকলে দাবী কৰিছে যে প্ৰৱঞ্চকসকলে শেহতীয়াকৈ বৈদ্যুতিক বিল পৰিশোধৰ নামত সাধাৰণ মানুহক ফান্দত পেলাবলৈ চেষ্টা কৰি আহিছে। এনেদৰে, হেকাৰসকলে বহুতো গ্ৰাহকৰ একাউণ্ট খালী কৰি আছে। সেয়েহে, বিশেষজ্ঞসকলে কোনো লিংকত ক্লিক নকৰিবলৈ সাধাৰণ ৰাইজক আহ্বান জনায়।