বিশ্বৰ সৰ্বাধিক ব্যয়বহুল ঔষধটোত FDA স্বীকৃতি, নিৰ্মূল কৰিব এইটো মাৰাত্মক বেমাৰ…

বিশ্বৰ সৰ্বাধিক ব্যয়বহুল ঔষধত FDA স্বীকৃতি।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ড্ৰাগ এডমিনিষ্ট্ৰেচন (এফডিএ)য়ে বিশ্বৰ আটাইতকৈ ব্যয়বহুল ঔষধটোৰ স্বীকৃতি প্ৰদান কৰিছে।

এই ঔষধটোৰ নাম হৈছে ‘হেমজেনিক্স’(Hemgenix)।

যাৰ মূল্য জানিলে আপুনি আচৰিত হৈ পৰিব। ঔষধটোৰ এটা পালিৰ মূল্য 3.5 নিযুত আমেৰিকান ডলাৰ অৰ্থাৎ 28.51 কোটি টকা।

image 159
বিশ্বৰ সৰ্বাধিক ব্যয়বহুল ঔষধটোত FDA স্বীকৃতি, নিৰ্মূল কৰিব এইটো মাৰাত্মক বেমাৰ... 2

এই ঔষধটো অতি বিৰল ৰোগ ‘হিমোফিলিয়া বি’(Hemophilia B)-ৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।

‘হিমোফিলিয়া বি’ হৈছে এক আনুবংশিক ৰোগ, য’ত মানুহৰ তেজ কম হিমায়িত হ’বলৈ আৰম্ভ কৰে।

ঔষধটোৰ মূল্য সন্দৰ্ভত বিজ্ঞানীসকলে কয় যে, এই ঔষধে যি ধৰণৰ ৰোগ নিৰাময় কৰে আৰু এই ঔষধটো বিকশিত কৰাৰ বাবে কৰা কঠোৰ পৰিশ্ৰম আৰু প্ৰযুক্তিৰ বাবে, এই মূল্য যুক্তিসঙ্গত।