কেৰালা উচ্চ ন্যায়ালয়ৰ ৰায়দান- বিবাহৰ প্ৰতিশ্ৰুতিৰে বিবাহিত মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে তাক ধৰ্ষণ বুলি গণ্য কৰা নহ’ব…

নিউজ ডেস্কঃ বিবাহিত মহিলাৰে বিবাহৰ প্ৰতিশ্ৰুতিৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে সেয়া ধৰ্ষণ বুলি গণ্য কৰা নহয়।

শুকুৰবাৰে এনে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে কেৰালা উচ্চ ন্যায়ালয়ে।

এগৰাকী বিবাহিত মহিলাই এজন যুৱকৰ বিৰুদ্ধে উত্থাপন কৰা ধৰ্ষণৰ গোচৰৰ ৰায় প্ৰদান কৰি এইদৰে মন্তব্য কৰে কেৰালা উচ্চ ন্যায়ালয়ে।

আনহাতে এই ধৰ্ষণৰ গোচৰৰ পৰা যুৱকজনক মুক্ত কৰিবলৈও নিৰ্দেশ দিয়ে আদালতে।

উল্লেখ্য যে, ২০১৮ চনত এগৰাকী বিবাহিত মহিলাই অভিযোগ কৰিছিল যে যুৱকজনে তেওঁক বিবাহৰ প্ৰতিশ্ৰুতি দি একাধিকবাৰ ধৰ্ষণ কৰিছিল।

জানিব পৰা মতে, অভিযুক্ত যুৱকজনে সেই মহিলাগৰাকীৰ সৈতে ফেচবুকত কথা পাতিছিল। তাৰ পৰাই দুয়োৰে বন্ধুত্ব গভীৰ হৈ পৰে। পৰৱৰ্তী সময়ত দুয়ো একেলগে অষ্ট্ৰেলিয়া ভ্ৰমণলৈও যায়।

কিন্তু পৰৱৰ্তী সময়ত দুয়োৰে মাজত বিচ্ছেদ ঘটাত মহিলাগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে একাধিকবাৰ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে।

অৱশ্যে মহিলাগৰাকীয়ে এই কথাও কয় যে তেওঁৰ সন্মতি সাপেক্ষে দুয়োৰে মাজত শাৰীৰিক সম্পৰ্ক স্থাপন হৈছিল। মহিলাগৰাকী সেই সময়ত তেওঁৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে চেষ্টা চলাই আছিল।

এই গোচৰৰ শুনানিত কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কাউছাৰ এদাপ্পাগাথে কয় যে শুনানিৰ পৰা বুজা গৈছে যে দুয়োৰে সন্মতি সাপেক্ষে শাৰীৰিক সম্পৰ্ক গঢ় লৈ উঠিছিল। তদুপৰি অভিযোগকাৰীজন সেই সময়ত আইনগতভাৱে বিবাহপাশত আবদ্ধ হৈছিল।

সেই অৱস্থাত তেওঁ আন কোনো বৈবাহিক সম্পৰ্কত প্ৰৱেশ কৰিব নোৱাৰে। সেই ক্ষেত্ৰত বিবাহৰ প্ৰতিশ্ৰুতি একেবাৰে অৰ্থহীন। এই যুক্তিৰে ন্যায়াধীশে গোচৰটো খাৰিজ কৰিলে।