নিউজ ডেস্কঃ বিশ্বৰ ভিতৰতে আটাইতকৈ বয়সস্থ কুকুৰ হিচাপে গীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট হ’ল স্পাইক।
২৩ বছৰ ৭ দিনীয়া কুকুৰটোক শেহতীয়াকৈ বিশ্বৰ আটাইতকৈ বয়সীয়াল কুকুৰ হিচাপে গীণিজ বুকত প্ৰদান কৰা হয় স্থান।
বাতৰি অনুসৰি ১৯৯৯ চনৰ নৱেম্বৰ মাহত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অহাইওৰ কেমডেন নামৰ এখন গাঁৱত জন্ম হৈছিল স্পাইক নামৰ কুকুৰটোৰ।

২০০৯ চনত এখন গেলামাল দোকানৰ পাৰ্কিং লটত আঘাতপ্ৰাপ্ত অৱস্থাত কুকুৰটোক উদ্ধাৰি কৰে ৰীতা কিম্বালে নামৰ এগৰাকী মহিলাই।
আঘাতপ্ৰাপ্ত কুকুৰটোক লগে লগে মহিলাগৰাকীয়ে হাস্পতাললৈ লৈ যোৱাত চিকিৎসাৰ অন্তত সুস্থ হৈ উঠে স্পাইক।

তেতিয়াৰ পৰাই ৰীতা কিম্বালেৰ সৈতে থাকিবলৈ লোৱা স্পাইক এতিয়া বুঢ়া হৈছে যদিও এতিয়াও গৰাকীৰ বিশ্বাসযোগ্য হৈ আছে।
উল্লেখ্য যে, সাধাৰণতে এটা কুকুৰৰ গড় আয়ুস হৈছে ১৫ৰ পৰা ২০ বছৰ।









