নিউজ ডেস্কঃ বিবাহ বিচ্ছেদৰ পিছত পত্নী আৰু কন্যাক মাহিলী খৰছ প্ৰদানৰ বাবে আদালতৰ নিৰ্দেশ ক্ৰিকেটাৰ মহম্মদ ছামীক।
ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰগৰাকীক প্ৰত্যেক মাহে পত্নী আৰু কন্যাৰ ভোৰণ পোষণৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ ধন আদায় দিবলৈ নিৰ্দেশ কলকতাৰ এখন আদালতৰ।
আদালতে মহম্মদ ছামীক তেওঁৰ পত্নী হাছিন জাহানক প্ৰতি মাহে ১.৩০ লাখ টকা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।
আদালতৰ নিৰ্দেশ অনুসৰি, ইয়াৰে ৫০ হাজাৰ টকা পত্নীৰ ভোৰণ-পোষণৰ বাবে আৰু বাকী ৮০ হাজাৰ টকা তেওঁৰ লগত থকা কন্যাৰ শিক্ষা আৰু অন্য খৰছৰ বাবে দিব লাগিব মহম্মদ ছামীয়ে।

উল্লেখ্য যে, ২০১৮ চনত বিবাহ বিচ্ছেদৰ পিছত পত্নী হাছিন জাহানে ক্ৰিকেটাৰগৰাকীৰ পৰা প্ৰতি মাহে ১০ লাখ টকা ভোৰণ-পোষণৰ বাবে দাবী কৰি আদালতৰ কাষ চাপিছিল।
পত্নীয়ে ৭ লাখ টকা ব্যক্তিগত ভোৰণ-পোষণ আৰু ৩ লাখ টকা কন্যাৰ ৰক্ষণা বেক্ষণৰ বাবে প্ৰতিমাহে দাবী কৰিছিল।

কিন্তু ছামীৰ অধিবক্তাই আদালতত যুক্তি দৰ্শাই কয় যে যিহেতু হাছিন জাহান নিজেও এগৰাকী পেছাদাৰী, গতিকে এনে বৃহৎ পৰিমাণৰ ধন তেওঁ দাবী কৰাটো যুক্তিসংগত নহয়।
উল্লেখ্য যে, ছামীৰ পত্নী হাছিন জাহান নিজেও ফেশ্বন ডিজাইনিঙৰ সৈতে জড়িত।
আদালতে দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি অৱশেষত ১.৩০ লাখ টকা মাহিলী প্ৰদান কৰিবলৈ মহম্মদ ছামীক নিৰ্দেশ দিয়ে।









