বিশ্বৰ আইনী ব্যৱস্থাত ইতিহাস সৃষ্টি! মানুহৰ সলনি আদালতত নিয়োগ হ’ব ৰবট অধিবক্তা…

বিশ্বৰ আইনী ব্যৱস্থাত ইতিহাস সৃষ্টি।

মানুহৰ সলনি আদালতত নিয়োগ হ’ব ৰবট অধিবক্তা।

প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত মানুহৰ সলনি ৰবট অধিবক্তাই আদালতত সহায় কৰিব বাদী-বিবাদীক।

কৃত্ৰিম বুদ্ধিমত্তা তথা সক্ষমতাসম্পন্ন ৰবট অধিবক্তাই আদালতত বাদী-বিবাদীক প্রতিনিধিত্ব কৰিব।

ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ যহুৱা ব্ৰাউদাৰ নামৰ কম্পিউটাৰ বিজ্ঞানীজনে ২০১৫ চনত কেলিফ’ৰ্নিয়াত স্থাপন কৰা ‘ডু নট পে’ নামৰ কোম্পানীটোৱে সাজি উলিয়াইছে এই কৃত্রিম বুদ্ধিমত্তা তথা ক্ষমতাসম্পন্ন ৰবট অধিবক্তা।

image 28
বিশ্বৰ আইনী ব্যৱস্থাত ইতিহাস সৃষ্টি! মানুহৰ সলনি আদালতত নিয়োগ হ'ব ৰবট অধিবক্তা... 2

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতত অহা মাহত প্ৰথমবাৰৰ বাবে ৰবট অধিবক্তা ব্যৱহাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এজন ব্যক্তিয়ে আদালতৰ মজিয়াত নিজৰ হকে অধিবক্তাক নিয়োগ কৰাটো ব্যয়বহুল হৈ পৰে। এনে কাৰণত ৰবট অধিবক্তাৰ জৰিয়তে তেনে ব্যক্তিয়ে আদালতত নিজৰ হৈ ওকালতি কৰাৰ বাবে সুযোগ লাভ কৰিব।

‘ডু নট পে’ কোম্পানীটোৱে দাবী কৰা মতে, বিশ্বৰ প্ৰথম ৰবট লয়াৰ হিচাপে ‘ডু নট পে’ এপটোৱে কাম কৰিব।

কোম্পানীটোৱে প্ৰকাশ কৰা মতে, কৃত্রিম বুদ্ধিমত্তা ক্ষমতাসম্পন্ন ৰবৰ্টটোৱে আদালতৰ সমস্ত প্ৰক্ৰিয়া শুনাৰ পিছত বিবাদীক সেই সন্দৰ্ভত অৱগত কৰিব।