কণ্ঠশিল্পী মহেন্দ্র হাজৰিকাৰ বাহন দুৰ্ঘটনাগ্রস্ত, আহত শিল্পীগৰাকী

নিশা কণ্ঠশিল্পী মহেন্দ্র হাজৰিকাৰ বাহন দুৰ্ঘটনাগ্রস্ত

শিৱসাগৰৰ দিখৌ দলঙৰ সমীপত পথ দুৰ্ঘটনাত পতিত হয় জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা।

নিয়ন্ত্রণ হেৰুৱাই দলঙৰ কাষৰ এজোপা গছত খুন্দিয়াই আহত শিল্পীগৰাকী।

জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখে আহি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

মূৰ আৰু হাতত আঘাত পাইছে শিল্পী হাজৰিকাই।

আঘাতপ্রাপ্ত শিল্পীগৰাকীক স্থানীয় ৰাইজৰ সহযোগত বাহনখনৰ পৰা উদ্ধাৰ।

শিল্পীগৰাকীক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

গছত খুন্দা মৰাৰ ফলত বাহনখনৰ বিস্তৰ ক্ষতিগ্ৰস্ত হয়।

শিল্পীগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি চিকিৎসকে জানিব দিছে।