বিশিষ্ট নাগা সাহিত্যিক, পদ্মশ্ৰী টেমছুলা আওৰ দেহাৱসান, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

নিউজ ডেস্কঃ বিশিষ্ট নাগা সাহিত্যিক, কবি টেমছুলা আওৰ দেহাৱসান।

দেওবাৰে নিশা ডিমাপুৰৰ ইডেন চিকিৎসা কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ।

image 79
বিশিষ্ট নাগা সাহিত্যিক, পদ্মশ্ৰী টেমছুলা আওৰ দেহাৱসান, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ 3

উল্লেখ্য যে, ২০০৭ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল টেমছুলা আওক।

নাগালেণ্ড মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰা ড০ টেমছুলা আওৱে নিজৰ সাহিত্য সৃ্ষ্টিৰ বাবে লাভ কৰিছিল সাহিত্য অকাডেমী বঁটাও।

image 78
বিশিষ্ট নাগা সাহিত্যিক, পদ্মশ্ৰী টেমছুলা আওৰ দেহাৱসান, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ 4

তদুপৰি ২০০৯ চনত মেঘালয়ৰ ৰাজ্যপালে সোণৰ পদক প্ৰদান কৰি তেওঁক সন্মানিত কৰিছিল।

এগৰাকী বিশিষ্ট সাহিত্যিকৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ নাগালেণ্ডত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটযোগে টেমছুলা আওৰ মৃত্যুক শোক ব্যক্ত কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।